অসম

assam

ETV Bharat / city

নলবাৰীত সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্য - গোপাল বজাৰ

নলবাৰীৰ গোপাল বজাৰ দুৰ্গা মন্দিৰৰ পূজা স্থলীত উপস্থিত হৈ বিতৰ্কিত মন্তব্য আগবঢ়াই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ।

satyaranjan_borah Attended At Nalbari
নলবাৰীত সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্য!

By

Published : Oct 26, 2020, 7:40 AM IST

নলবাৰী, 26 অক্টোবৰঃ নলবাৰীৰ বিভিন্ন পূজাস্থলীত উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা । নলবাৰীৰ গোপাল বজাৰ দুৰ্গা মন্দিৰৰ পূজাস্থলীত উপস্থিত হৈ সাংবাদিকৰ মুখামুখি হৈ বিভিন্ন বিতৰ্কিত মন্তব্য আগবঢ়ায় সত্যৰঞ্জন বৰাই ।

পূজাস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় কৰে সত্যৰঞ্জন বৰাই ৷ তেওঁ কয় যে, মহানৱমী দিনটোৰ পৰাই অত্যাচাৰী অসুৰবোৰ নিপাত যাওঁক ৷ দেশখনত যি সকলৰ বাবে নাৰীসমাজ নিৰ্যাতন আৰু অত্যাচাৰৰ বলি হৈছে সেই সকলোবোৰ নোহোৱা হওঁক । অসমখন মিয়াৰ চৰণীয়া পথাৰ হব নিদিওঁ ৷ কংগ্ৰেছ,ইউডিএফ বা অন্য তথাকথিত জাতীয়তাবাদী সংগঠন আদি লগ হৈ অসমখন মিয়াৰ চৰণীয়া পথাৰ বনাব খুজিছে । সেই জাতীয় সংগঠনসমূহেই আকৌ তেওঁলোকৰ বাবে মিয়া সংগঠন বনাব পৰা হ'ল,মিয়া সাহিত্য পৰিষদ ইছলামিক সাহিত্য সভা আৰু মিয়া কবিতা লিখিব পৰা হ'ল ৷ যিটো অসমীয়া অভিধানত নাই অখিল গগৈ,হীৰেন গোহাঁই,মঞ্জিত মহন্ত,অজিত কুমাৰ ভূঞাই লিখা অভিধানত থাকিব পাৰে । কাৰণ তেওঁলোক এইসকলৰ পদলেহণকাৰী । ইয়াৰ উদাহৰণ ধুবুৰী,গোৱালপাৰা,বৰপেটা,নগাওঁ মৰিগাঁও । তেনে সময়ত যদি অকাল সনাতনী হিন্দু ধর্মৰ লোকসকল নিমাত হৈ থাকো ইছলামী আগ্ৰাসনৰ বিৰুদ্বে মাতিব নোৱাৰো,তেনেহ'লে আমি আমাৰ সন্তান সকলক গাখীৰ খুৱাই ডাঙৰ কৰাত কৈ বিষ খুৱাই মাৰি পেলোৱাই ভাল ।

নলবাৰীত সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্য!

জাতীয়তাবাদী সংগঠন সমূহে হিন্দু মুছলিমৰ সম্প্ৰীতিৰ কথা ক'লেও সেইবোৰ মুকাভিনয়ত ৰং সেনাৰ দৰে কথা । সত্যৰঞ্জন বৰা সদায় সত্যৰঞ্জন বৰাই ৷ সত্যৰঞ্জন বৰাৰ কাম-চিন্তাৰ কথাক লৈ ৰাজ সত্ৰৰ সত্ৰাধিকাৰে কি কৈছে সেইটো তেওঁক সোধক । তাৰোপৰি ব্ৰাহ্মণ জন্ম সূত্ৰে নহয় কৰ্মৰ সূত্ৰে হে হয় বুলি মন্তব্য দিয়ে সত্য়ৰঞ্জন বৰাই ৷

লগতে পঢ়ক- নলবাৰীৰ হৰি মন্দিৰত নৱমী উপলক্ষে ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details