অসম

assam

By

Published : Sep 20, 2020, 10:06 AM IST

ETV Bharat / city

সৃষ্টিৰ উদ্যোগত নলবাৰীত বৃক্ষৰোপন

গছ থাকিলেহে মানুহ থাকিব । গছ অবিহনে সেউজীয়া নহয় এই ধৰণী । এই কথা সৰোগত কৰিয়েই নলবাৰীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ ।

সৃষ্টিৰ উদ্যোগত নলবাৰীত বৃক্ষৰোপন
সৃষ্টিৰ উদ্যোগত নলবাৰীত বৃক্ষৰোপন

নলবাৰী, 20 ছেপ্টেম্বৰ : পৰিৱেশ হৈছে মানুহৰ জীৱন আৰু বিভিন্ন কামকাজৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলোৱা চাৰিওফালৰ প্ৰাকৃতিক আৰু সামাজিক অৱস্থা । অৰ্থাৎ আকাশ, বতাহ, মাটি, পানী আদি সকলো মিলি গঠিত হৈছে আমাৰ পৰিৱেশ । পৃথিৱীৰ এই পৰিৱেশক সেউজীকৰণৰ উদ্দেশ্যৰে সৃষ্টিৰ উদ্যোগত কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ৰোপণ কৰি গৈছে গছপুলি । চলিত বৰ্ষৰ জুন মাহৰ পৰা প্ৰতিদিনে নিৰন্তৰভাৱে কৰি গৈছে বৃক্ষৰোপন

সৃষ্টিৰ উদ্যোগত নলবাৰীত বৃক্ষৰোপন

উল্লেখযোগ্য যে নলবাৰী জিলাৰ কেইগৰাকীমান সচেতন ছাত্ৰ ছাত্ৰীয়ে সৃষ্টি নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন জন্ম দিছিল ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ জন্মলগ্নৰে পৰাই সদস্যসকলে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা তথা সেউজীকৰণৰ কাম কৰি আহিছে ৷

শনিবাৰে সৃষ্টি নামৰ এই স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আৰু নলবাৰী জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ সহযোগত জিলাখনৰ বানেকুছিত 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰোপণ কৰে বহুসংখ্যক কৃষ্ণচূড়াৰ পুলি । গছপুলি ৰোপণৰ এই কাৰ্যসূচীত সমাজকৰ্মী ইশ্বৰ পাটোৱাৰীৰ লগতে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰোপণ কৰিলে গছপুলি ৷

সৃষ্টিৰ উদ্যোগত নলবাৰীত বৃক্ষৰোপন

মন কৰিবলগীয়া যে, বিগত সময়চোৱাত প্ৰায় 1000ৰো অধিক গছপুলি ৰোপণ কৰিছে এই স্বেচ্ছাসেৱী সংগঠনটোৱে । তাৰোপৰি মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সদস্যসকলে বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰি তাক অনলাইন মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি সকলোকে কৰি আহিছে সচেতন । স্বেচ্ছাসেৱী সংগঠনটোৰ এনে প্ৰচেষ্টাক এতিয়া সকলোৱে কৰিছে প্ৰশংসা । আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত বানেকুছিত প্ৰায় 500 জোপা কৃষ্ণচূড়া গছ ৰোপনৰ লক্ষ্য লৈছে সংগঠনটোৱে ।

লগতে পঢ়ক :EXCLUSIVE : কিয় অসম এৰিব খুজিছে কেইবাজনো আই এ এছ বিষয়াই ?

ABOUT THE AUTHOR

...view details