অসম

assam

ETV Bharat / city

প্ৰস্তুতি চলিছে নলবাৰীৰ ৰাস মহোৎসৱৰ - Rash mahotsav Nalbari

নলবাৰীৰ হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত হ’ব 87 তম ৰাস মহোৎসৱ ৷ ৰাস উদযাপনক কেন্দ্ৰ কৰি প্ৰতিবছৰে উখল-মাখল হয় নলবাৰীৰ বুকু ৷ হৰিমন্দিৰতো 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব ৰাস মহোৎসৱ ৷

Nalbari Rash preparation assam etv bharat news
নলবাৰীৰ হৰিমন্দিৰ

By

Published : Nov 11, 2020, 8:49 PM IST

Updated : Nov 12, 2020, 12:32 PM IST

নলবাৰী,11 নৱেম্বৰ:কোভিডৰ সংক্ৰমণৰ মাজতে চেগা-চেৰোগাকৈ ভিন্ন প্ৰান্তত চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি ৷ এইবেলি নলবাৰীৰ হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত হ’ব 87 তম ৰাস মহোৎসৱ ৷ ৰাস উদযাপনক কেন্দ্ৰ কৰি প্ৰতিবছৰে উখল-মাখল হয় নলবাৰীৰ বুকু ৷ হৰিমন্দিৰতো 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব ৰাস মহোৎসৱ ৷

1933 চনৰ পৰা চলি অহা ৰাসত এইবাৰ নাথাকিব কোনো জাক-জমকতা, নাথাকিব কোনো বাণিজ্য মেলা ৷ তাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিকভাৱে পালন কৰা হ’ব এই ৰাস ৷ নলবাৰীৰ ৰাস বুলিলেই যেন ভ্ৰাম্যমান থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা ৷ কিন্তু কৰ’ণা মহামাৰীৰ বাবে এইবেলি স্তব্ধ হৈ ৰৈছে ভ্ৰাম্যমান নাট্যদল সমূহো ৷ প্ৰতিবছৰে ৰাস কমিটিয়ে দৰ্শনাৰ্থীৰ বাবে সাজি উলিয়ায় প্ৰায় 1000 তকৈ অধিক মৃণ্ময় মূৰ্তি ৷ 80 টাৰো অধিক ষ্টলত দেখা যায় বিদ্যুত চালিত মূৰ্তি ৷ তাৰ পৰিৱৰ্তে এইবাৰ ৰাসত মাত্ৰ থাকিব ৰাধা-কৃষ্ণৰ মূৰ্তি ৷ তদুপৰি ৰাসৰ লগত সংগতি ৰাখি আয়োজিত গ্ৰন্থমেলা এইবেলি অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰতো আছে অনিশ্চয়তা ৷ ইফালে ৰাস মহোৎসৱত প্ৰতিবছৰে নিয়োজিত ২০০০ স্বেচ্ছাসেৱকক দেখা নাযাব এইবৰ্ষত ৷

হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত হ’ব 87 তম ৰাস মহোৎসৱ

কৰ’ণা মহামাৰীয়ে স্তব্ধ কৰা ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক হ’ব ধৰিছে পূৰ্বৰ পৰিৱেশ ৷ তাৰ পৰিপ্ৰেক্ষিতত জাক জমকতাৰে নহ’লেও অনুষ্টুপীয়াকৈ ৰাস উদযাপনৰ সিদ্ধান্ত লৈছে হৰিমন্দিৰ কৰ্তৃপক্ষই ৷ সামাজিক দুৰত্ব অটুট ৰাখি মাস্ক পৰিধান কৰি দৰ্শনাৰ্থীক ৰাস উপভোগ কৰিবলৈ আহ্বান জনাইছে নলবাৰী হৰিমন্দিৰৰ ৰাস উদযাপন সমিতিয়ে ৷

লগতে চাওকঃডিচেম্বৰৰ শেষৰফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গ্ৰন্থমেলা

Last Updated : Nov 12, 2020, 12:32 PM IST

ABOUT THE AUTHOR

...view details