অসম

assam

By

Published : May 24, 2021, 8:20 PM IST

ETV Bharat / city

নলবাৰীৰ ২৬ নং বনগাঁও পঞ্চায়তৰ গাঁৱে গাঁৱে ক’ভিড টেষ্টৰ ব্যৱস্থা

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত ২৬ নং বনগাঁও পঞ্চায়তে লৈছে বিশেষ ব্যৱস্থা ৷ পঞ্চায়ত খনৰ অন্তৰ্গত গাঁওসমূহত স্বাস্থ্য বিভাগৰ ক’ভিড টেষ্ট ৷ ২৫০ গৰাকীৰ ভিতৰত দুগৰাকী লোকৰ দেহত ক’ভিডৰ উপস্থিতি ৷

নলবাৰীৰ ২৬ নং বনগাঁও পঞ্চায়তৰ গাঁৱে গাঁৱে ক’ভিড টেষ্টৰ ব্যৱস্থা
নলবাৰীৰ ২৬ নং বনগাঁও পঞ্চায়তৰ গাঁৱে গাঁৱে ক’ভিড টেষ্টৰ ব্যৱস্থা

নলবাৰী, 24 মে': যি সময়ত ক’ভিড টেষ্টৰ বাবে ৰাইজে প্ৰখৰ ৰ'দকো নেওচি চিকিৎসালয় সমূহত দীঘলীয়া শাৰি পাতিব লাগে সেই সময়তে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত ২৬ নং বনগাঁও পঞ্চায়তে লৈছে বিশেষ ব্যৱস্থা । পঞ্চায়ত খনৰ অন্তৰ্গত গাঁওসমূহত স্বাস্থ্য বিভাগৰ জৰিয়তে কৰিছে ক’ভিড টেষ্টৰ সুবিধা ।

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত ২৬ নং বনগাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন ঠাইত গাওঁ পঞ্চায়তখনৰ উদ্যোগত পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত চামতা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এম পি ডব্লিউ কৰ্মী আৰু লেবৰেটৰী টেকনিচিয়ান সকলে দেওবাৰে গণ ক’ভিড পৰীক্ষা কাৰ্যসূচী সম্পন্ন কৰে ৷

দেওবাৰে বনগাঁও পঞ্চায়ত এলেকাৰ মহেন্দ্ৰ পাটগিৰী প্ৰাথমিক বিদ্যালয়, ৫১৬ নম্বৰ 2 নং বনগাঁও প্ৰাথমিক বিদ্যালয়, বনগাঁও ন-পাৰা চুবুৰী হৰি মন্দিৰ প্ৰাঙ্গণ আৰু ১০৮৬ নং ক্ষুদ্ৰ ক্ষেত্ৰী বৰ্ণী প্ৰাথমিক বিদ্যালয়ত চামতা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এম পি ডব্লিউ আৰু লেবৰেটৰী টেকনিচিয়ান সকলে তিনিটা দলত বিভক্ত হৈ অস্থায়ী ক’ভিড পৰীক্ষা শিবিৰত ৰেপিড টেষ্ট পদ্ধতিৰে স্থানীয় ৰাইজৰ ক’ভিড পৰীক্ষা কৰে ৷

কাৰ্যসূচীৰ আৰম্ভণিতে পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাঠক, চামতা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বি পি এম ফনী শৰ্মা, বনগাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ কুমাৰ ডেকা উপস্থিত থাকি ৰাইজক নিজৰ নিজৰ ঘৰৰ ওচৰতে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায় ৷

বনগাওঁ পঞ্চায়তৰ দেওবাৰৰ প্ৰথম পৰ্যায়ৰ গণ ক’ভিড পৰীক্ষা কাৰ্যসূচীত চাৰিওটা পৰীক্ষা শিবিৰত মুঠ ২৫০ গৰাকী পুৰুষ-মহিলা, যুৱক-যুৱতীৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷ এই ক’ভিড পৰীক্ষাৰ সময়ত ২৫০ গৰাকীৰ ভিতৰত দুগৰাকী লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷

এই দুগৰাকী লোকক স্বাস্থ্য বিভাগে নিজৰ ঘৰতে আছুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়ে আৰু তেওঁলোকৰ পৰিয়াল দুটাক কোৱাৰেন্টাইন কৰা হয় ৷ ৰাজ্যৰ প্ৰাথমিক চিকিৎসালয় সমূহত ৰাইজে দিনৰ দিনটো প্ৰখৰ ৰ’দত শাৰি পাতি ক’ভিড টেষ্ট কৰাৰ বাবে বোণ্ডাপৰ দি ৰখি থাকিব লগা পৰিৱেশৰ বিপৰীতে ২৬ নং বনগাঁও গাওঁ পঞ্চায়তৰ এনে পদক্ষেপক স্থানীয় ৰাইজে শলাগ লয় ৷

বনগাওঁ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ ডেকাৰ বিগত তিনিদিনৰ পৰিকল্পনা মতে দেওবাৰে পঞ্চায়ত খনত প্ৰথম পৰ্যায়ৰ ক’ভিড পৰীক্ষা কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

উল্লেখ্য যে, ৰাজ্যৰ পঞ্চায়ত-গ্ৰমোন্নয়ন দপ্তৰৰ মন্ৰী ৰঞ্জিত কুমাৰ দাসে পঞ্চায়তে পঞ্চায়তে ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়াৰ ১৮ ঘন্টাৰ ভিতৰতে বনগাঁও পঞ্চায়তে দেওবাৰে পূৰ্ব পৰিকল্পনা অনুসৰি পঞ্চায়ত খনত ক’ভিড পৰীক্ষা কাৰ্যসূচী আৰম্ভ কৰা ঘটনাই ইতিবাচক চৰ্চা লাভ কৰিছে ৷ কাৰ্যসূচীৰ শেষত আবেলি পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত পঞ্চায়ত খনৰ সকলো জনপ্ৰতিনিধি আৰু কৰ্মচাৰীৰো ক’ভিড পৰীক্ষা কৰা হয় ৷

লগতে পঢ়ক :নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details