নলবাৰী, 25 জুন:ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা ড্ৰাগছবিৰোধী অভিযানত প্ৰায় প্ৰতিদিনে বহু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ মাজতে মুকালমোৱা আৰক্ষীৰ অভিযানত এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক হৈছে ৷ মুকালমোৱা আৰক্ষীয়ে চলোৱা অভিযানত ৰবিজান বিবি নামৰ এজনী মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে মহিলাগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই অহা অন্য এজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে ৷
অভিযোগ অনুসৰি, ধৃত ৰবিজান বিবি নামৰ মহিলা গৰাকীৰ সহযোগত দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল ড্ৰাগছ সৰবৰাহকাৰী চাদ্দাম হুছেইনে ৷ ধৃত ৰবিজান বিবি আৰু চাদ্দাম হুছেইনৰ পৰা আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ কন্টেইনাৰত ৩০ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ জানিব পৰা মতে, ধৃত মহিলাগৰাকীৰ ঘৰ মুকালমুৱা থানাৰ অন্তৰ্গত লোহাৰকাঠাত আৰু চাদ্দাম হুছেইনৰ ঘৰ শনি ৰোডত ৷
সম্প্ৰতি অধিক তথ্য়ৰ বাবে ধৃত সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, আৰক্ষীয়ে 8 জুনৰ নিশা অভিযান চলাই নিচাযুক্ত দ্ৰব্যসহ 6 জনকৈ লোকক আটক কৰিছিল ৷ মুকালমোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিকুছিৰ পৰা উক্ত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰা হৈছিল ৷