অসম

assam

By

Published : Jun 15, 2021, 10:49 PM IST

ETV Bharat / city

নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ । কৃষকক পৰ্যাপ্ত পৰিমাণৰ বীজ আৰু ৰাসায়নিক সাৰ সময়ত যোগান নধৰা আৰু ৰাসায়নিক সাৰৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰে সংগঠনটোৱে ৷

AJYCP Protest in nalbari
নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নলবাৰী, 15 জুন :সোমবাৰে কৃষি বিভাগ হায় ! হায় ! অতুল বৰা হায় হায় ! শ্ল'গানেৰে নলবাৰী জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে । কৃষকক পৰ্যাপ্ত পৰিমাণৰ বীজ আৰু ৰাসায়নিক সাৰ সময়ত যোগান নধৰা আৰু ৰাসায়নিক সাৰৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে ধৰ্ণা কাৰ্য্যসূচীৰ জৰিয়তে সাব্যস্ত কৰে ৷

কৃষি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত বিভাগীয়ভাৱে কোনো নিয়ন্ত্ৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মীয়ে ৷ উল্লেখ্য যে, বছৰ বছৰ ধৰি নলবাৰীৰ কৃষি বিষয়াৰ কাৰ্যালয়লৈ কৃষকৰ বাবে অহা বীজ আৰু ৰাসায়নিক সাৰ এচাম মধ্যভোগীয়ে বজাৰত গোপনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷

নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ইফালে প্ৰতিবাদস্থলীত কৃষি বিষয়া উপস্থিত হৈ কৃষকক অতি শীঘ্ৰে বীজ আৰু ৰায়ানিক সাৰ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰি ৰাসায়নিক সাৰৰ বৰ্ধিত মূল্য ৰোধৰ ক্ষেত্ৰতো বিভাগীয়ভাৱে ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে ।

ৰাসায়নিক সাৰৰ দোকানত চৰকাৰে পোজ মেচিন লগোৱাটো বাধ্যতামূলক বুলিও সদৰি কৰে কৃষি বিষয়াগৰাকীয়ে ৷ নিয়ম উলংঘা কৰা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় কৃষি বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক :অসমৰ ৩৭৯ টা ষ্টাৰ্ট-আপলৈ বাণিজ্য মন্ত্ৰণালয়ৰ স্বীকৃতি প্ৰদান

ABOUT THE AUTHOR

...view details