নলবাৰী, 8 মে' :ক’ভিডৰ দ্বিতীয় ঢৌ’ত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 2172 গৰাকীলৈ বৃদ্ধি পাইছে ৷ শনিবাৰৰ দিনটোত আক্ৰান্ত সংখ্যা হ’ল 190 গৰাকী ব্যক্তি । বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 1553 গৰাকীকৈ ব্যক্তি ৷ ইফালে জিলাখনত হোম আইচলেচনত বৰ্তমানেও আছে 1371 গৰাকীকৈ ৰোগী ।
নলবাৰীত শনিবাৰে 190 গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তি চিনাক্ত
ক’ভিড দ্বিতীয় লহৰত নলবাৰীত আক্ৰান্ত হৈছে দুই সহস্ৰাধিকতৈ অধিক লোক । শনিবাৰৰ দিনটোত জিলাখনত আক্ৰান্ত 190 গৰাকী ব্যক্তি ৷
ক’ভিডৰ দ্বিতীয় লহৰত নলবাৰীত অতিক্ৰম দুই সহস্ৰাধিক তৈ অধিক
নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 88 গৰাকী, বেলশৰ ম’ডেল হাস্পতালত 40 গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত 26 গৰাকীকৈ ক’ভিড ৰোগীয়ে চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে নলবাৰী জিলা স্বাস্থ্য বিভাগে ৷