আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত অৱস্থান ধৰ্মঘট
চামগুৰিত মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ বাহনত কৰা আক্ৰমণৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ এনএছইউআই আৰু যুৱ কংগ্ৰেছৰ ৷ সোমবাৰে নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই ৷
নগাঁও, 3মে’: নগাঁৱত যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰ অৱস্থান ধৰ্মঘট কৰ্যসূচী ৷ বুধবাৰে চামগুৰিৰ বৰমা বজাৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ গাড়ীত কৰা আক্ৰমণৰ লগত জড়িত থকা ব্যক্তিকেইগৰাকীক গ্ৰেপ্তাৰৰ দাবীত সংগঠন দুটাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ আক্ৰমণটোত একাংশ বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ তুলি, বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় যদিও আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এনএছইউআই আৰু যুৱ কংগ্ৰেছে ।