চামগুৰি, 27 জুলাই : ৰাজ্যত ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত (man elephant conflict) ৷ সমান্তৰালকৈ নগাঁও জিলাতো দেখিবলৈ পোৱা গৈছে বন্যহস্তীৰ উপদ্ৰৱ ৷ একেদৰে জিলাখনৰ চামগুৰিৰ শিঙীয়া গাঁৱতো বন্যহস্তীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি আতংকিত হৈছে গাঁওবাসী। বন্যহস্তীৰ বাবে নিশা উজাগৰে কটাবলৈ বাধ্য হৈছে শিঙিয়া ভকতগাঁৱৰ ৰাইজে ।
উল্লেখ্য যে, দীৰ্ঘ দিনধৰি বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে তিনিটাকৈ বনৰীয়াহাতীয়ে ৷ হাতীকেইটাই অঞ্চলটোৰ বহুলোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাই নহয় খাই তহিলং কৰিছে সাঁচি ৰখা ভঁৰালৰ ধান ৷ তাৰোপৰি হাতীৰ উপদ্ৰৱৰ বাবে খেতি মাটি সকলো চন পৰিছে গাঁও খনৰ খেতিয়ক সকলৰ । দিনৰ ভাগত মুক্ত বিচৰণ কৰি নিশাৰভাগত জনাঞ্চলত উপদ্ৰৱ চলায় বন্যহস্তী কেইটাই ।
ইফালে গজৰাজৰ জনাঞ্চলত মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দি হৈছে । ইয়াৰ পূৰ্বে বন্যহস্তী কেইটাই দীৰ্ঘ দিন ধৰি পদুমণি ভড়াগুৰি, পাম গাঁও, ডিলিকাবস্তী, গেন্ধালিকে ধৰি বিভিন্ন ঠাইত উপদ্ৰপ চলাইছিল বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ সেই অঞ্চলসমূহৰ পৰা আহি হাতীকেইটা এতিয়া শিঙীয়াৰ জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰিছে বুলি স্থানীয় লোকে সদৰি কৰে।
লগতে পঢ়ক-গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু