নগাঁও, 18 জুনঃ ৰে'ল মন্ত্ৰণালয়ে দাবী কৰি অহাৰ ধৰণৰে সুৰক্ষিত হোৱা নাই ৰে'ল যাত্ৰা ৷ সোমবাৰে নিশা গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে'ল খনত পোহৰৰ বাবে যাত্ৰী সকলৰ মাজত লাগিল হাহাকাৰ । ৰে'লখনত বিদ্যুৎ সংযোগ ব্যাহত হোৱাত গুৱাহাটীৰ পৰা চামগুৰি পৰ্যন্ত অন্ধকাৰ হৈ আহিল ৰে'লখনৰ প্ৰায় দহটাকৈ দবা ।
অন্ধকাৰ ৰেল, ভয়ত বিতত হ'ল যাত্ৰী - গুৱাহাটী
গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে'ল খনত পোহৰৰ বাবে যাত্ৰী সকলৰ মাজত লাগিল হাহাকাৰ । ৰে'লখনত বিদ্যুৎ সংযোগ ব্যাহত হোৱাত গুৱাহাটীৰ পৰা চামগুৰি পৰ্যন্ত অন্ধকাৰ অৱস্থাতে চলিল ৰে'ল ৷
চৰম বিপদ-আশংকাৰ মাজত মধ্য অসমৰ ৰে'ল যাত্ৰা
চৰম বিপদ আশংকাৰ মাজত যাত্ৰা কৰিবলৈ বাধ্য হ'ল শিশু আৰু মহিলাসহ প্ৰায় সহস্ৰাধিক যাত্ৰীয়ে। ইফালে ৰে'লখনৰ প্ৰায়বোৰ প্ৰস্ৰাৱগাৰ তথা শৌচালয়ৰ দুৰৱস্থাত ক্ষোভিত হৈ পৰিল যাত্ৰী সকল ৷ ক্ষুব্ধ ৰে'ল যাত্ৰী সকলে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰে'লযাত্ৰীৰ সুৰক্ষাক চৰম উপলুঙা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷
Last Updated : Jun 18, 2019, 2:29 PM IST