অসম

assam

ETV Bharat / city

কোটিটকীয়া থানা : নাই মাথো এজনো আৰক্ষী - ৰূপহীহাট সমষ্টি

৩৮ বছৰে পৰিত্যক্ত অৱস্থাত আছে ৰূপহীহাটৰ হালোৱাগাঁৱত স্থাপন কৰা এখন আৰক্ষী চকী ৷ মাত্ৰ দুজন কনিষ্টবল নিযুক্তি দিয়া আছে যদিও আজিলৈ ৰাইজে দেখা পোৱা নাই আৰক্ষীৰ কনিষ্টবল দুজনক ৷

There is no police man at the Haloagaon. police station in Nagaon District
কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা আৰক্ষী চকীত নাই এজনো আৰক্ষী !

By

Published : Jul 24, 2021, 2:20 PM IST

চামগুৰি, 24 জুলাই : ভূত বাংলালৈ পৰ্যবসিত হৈছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন আৰক্ষী চকী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) অসম আৰক্ষীক (Assam Police) আধুনিকীকৰণ কৰাৰ সময়তে বিশেষভাৱে চৰ্চিত হৈছে ৰূপহীহাটৰ এইখন বিশেষ আৰক্ষী চকী । যিখন আৰক্ষী চকী স্থাপন কৰা হৈছিল ১৯৮৩ চনত । ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কলংপাৰ হালোৱাগাঁৱত স্থাপন কৰা হৈছিল আৰক্ষী চকীখন ৷

এই আৰক্ষী চকীখনত মাত্ৰ দুজন আৰক্ষী জোৱান নিযুক্ত হৈ কোনোমতেহে অস্তিত্ব ৰক্ষা কৰি আছে ৷ কিন্তু এয়া মাথোন নামতহে ৷ আৰক্ষী চকীখন তদাৰক কৰিবলৈ নাই এজনো আৰক্ষী বিষয়া অথবা আন কৰ্মচাৰী । কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী চকীখনত আছে বৃহৎ আকাৰৰ কংক্ৰিটৰ ঘৰ ৷

ইয়াৰ বাহিৰে আৰক্ষী চকীখনত নাই কোনো এখন নামফলক । ইতিমধ্যে ৩৮ বছৰ অতিক্ৰম কৰিছে আৰক্ষী চকীখনে । উল্লেখযোগ্য যে, ১৯৮৩ চনৰ পৰা ১৯৯৪ চনলৈকে আৰক্ষী চকীখন সক্ৰিয়ভাৱেই চলি আছিল ।

কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা আৰক্ষী চকীত নাই এজনো আৰক্ষী !

কিন্তু 11 বছৰ সক্ৰিয়ভাৱে চলি থকাৰ পিছত কোনো এক অদৃশ্য কাৰণত হঠাৎ যেন নিস্ক্ৰিয় হৈ পৰে বুলি স্থানীয় লোকে সদৰী কৰে । বৰ্তমান আৰক্ষী চকীখনত দুজনকৈ কনিষ্টবল নামত নিয়োজিত হৈ আছে যদিও আজিকোপতি কনিষ্টবলক দুজনক দেখা নাই অঞ্চলবাসীয়ে । যাৰ ফলস্বৰূপে নতুনকৈ নিৰ্মাণ কৰা গৃহটো একপ্ৰকাৰ ভূত বাংলালৈহে পৰ্যবসিত হৈছে ।

চামগুৰি সমষ্টিৰ সীমাতে লাগি থকা ৰূপহীহাট সমষ্টিৰ কলংপাৰ হালোৱাগাঁৱৰ স্থানীয় লোকসকলে আৰক্ষী চকীখনত আৰক্ষী নথকাৰ বাবে এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ মানুহক জীৱন আৰু সম্পত্তিৰ অসুৰক্ষিত অনুভৱ কৰিছে ৷ কাৰণ, অঞ্চলটোত মাথো এখনে আৰক্ষী চকী ৷

এনে দুৰৱস্থা চৰকাৰৰ গৃহ বিভাগৰ দৃষ্টিগোচৰ হ'বনে বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আৰক্ষী চকীখনত দৃষ্টি নিক্ষেপ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা হাতত লয়, সেয়াহে হ'ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক- অসমলৈ অমিত শ্বাহ, উদ্বোধন কৰিব বড়োভূমিৰ প্ৰথমখন মেডিকেল কলেজ

ABOUT THE AUTHOR

...view details