অসম

assam

ETV Bharat / city

ধিঙত টেট শিক্ষয়ত্ৰীৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ - শিক্ষা বিভাগ

ৰাজ্যৰ সকলো বিভাগক নিকা কৰাৰ বাবে যেন উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ । লোকসেৱা আয়োগ, এ পি ডি চি এল, অসম আৰক্ষীৰ এছ আই নিযুক্তিৰ পাছত এইবাৰ টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বক্ৰ পথেৰে লোৱাসকলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । এনে সময়তে ধিঙৰ এগৰাকী টেট উত্তীৰ্ণ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লোৱাৰ গুৰুতৰ অভিযোগ ।

tet teacher accused for taking job using fake Documents
অনুসূচীত জাতি উন্নয়ন পৰিষদৰ নেতৃবৃন্দ

By

Published : Oct 11, 2021, 3:27 PM IST

নগাঁও, 11 অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই তৎপৰতা লৈছে সিমানেই পোহৰলৈ আহিছে ন ন তথ্য । শেহতীয়াকৈ বক্ৰ পথেৰে চাকৰি লোৱা টেট শিক্ষক-শিক্ষয়িত্ৰী ওপৰত চৰকাৰখনে আৰম্ভ কৰা অভিযানত দৈনিক পোহৰলৈ আহিছে বহু ভুৱা টেট শিক্ষক-শিক্ষয়িত্ৰীৰ নাম ।

ধিঙত টেট শিক্ষয়ত্ৰীৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ

এইবাৰ ধিঙৰ এগৰাকী টেট উত্তীৰ্ণ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লোৱা গুৰুতৰ অভিযোগ । সম্প্ৰতি নগাঁও জিলাৰ ধিঙৰ ৰুন্তী দাস নামৰ মহিলাগৰাকী কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি শিক্ষাখণ্ডৰ অন্তৰ্গত ৯২৯ নং মোলিকান্দি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ আছে ৷

ধিঙত টেট শিক্ষয়ত্ৰীৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ

কায়স্থ সম্প্ৰদায়ৰ সাধাৰণ শ্ৰেণীৰ ৰুন্তী দাসে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ।

ধিঙত টেট শিক্ষয়ত্ৰীৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ
ধিঙত টেট শিক্ষয়ত্ৰীৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ

শিক্ষয়ত্ৰীগৰাকীয়ে উক্ত চাকৰিৰ বাবে অনুসূচীত জাতি উন্নয়ন পৰিষদৰ পৰা ভুৱা জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰে উলিয়াই শিক্ষা বিভাগক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ।

ধিঙত টেট শিক্ষয়ত্ৰীৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ

পৰিষদে উল্লেখ কৰা অনুসৰি, ধিঙত বৰ্তমানেও প্ৰায় ১২ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে ভুৱা প্ৰমাণপত্ৰৰে শিক্ষা বিভাগত কৰ্মৰত হৈ আছে । তদুপৰি ধিঙৰ এখন মহাবিদ্যালয়তো এনেধৰণে জালিয়াতিৰে শিক্ষকতা কৰি থকাৰো অভিযোগ উখাপন হৈছে । ইতিমধ্যে এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি তদন্ত বিচাৰি অসম চৰকাৰলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰা কথাও ব্যক্ত কৰে পৰিষদে ।

ধিঙত টেট শিক্ষয়ত্ৰীৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে লগতে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । পৰিষদে এই ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক :গৌৰাংটাৰীৰ হত্যাকাণ্ড : আৰক্ষীৰ জালত মূল অভিযুক্ত দুদুল চৌধুৰী

ABOUT THE AUTHOR

...view details