ৰহা, 24 আগষ্ট : এটা চাকৰি কৰি সুখ আৰু স্বাচ্ছন্দ্যৰে জীৱন কটোৱাৰ হেঁপাহ কাৰনো নাথাকে ৷ কিন্তু কেতিয়াবা সেই চাকৰিটোৱেই কাল হৈ পৰে বহুতৰ বাবে ৷ এইগৰাকী যুৱতীৰো আছিল তেনে সপোন ৷ কিন্তু তেওঁৰ সপোনত আউল লাগিল ৷ ছবছৰ পূৰ্বে এটা দিয়াৰ সপোন দেখুৱাই ৰমা দাস নামৰ এজন লোকে যুৱতীগৰাকীক লৈ গৈছিল ঘৰৰ পৰা ৷ কিন্তু তেওঁ জনা নাছিল যে, সেই ৰমা এটা চিকাৰী আৰু চাকৰিটো এখন জাল ৷ সেই জালত বন্দী হ’ল যুৱতীগৰাকী ৷
লগতে পঢ়ক :ঠিকাৰ ধন সময়ত নোপোৱাৰ বাবেই বিজেপি নেতাই কৰিলে আত্মহত্যা
দুৰ্ভগীয়া যুৱতীগৰাকীৰ ঘৰ আছিল আমচৈৰ গাৰো গাঁৱত ৷ ৰমা দাসৰ বায়েক খেমাবালা দাসে গোপনে যুৱতীগৰাকীক লৈ আহিছিল জাগিৰোডলৈ ৷ তাৰ পাচত তুলি দিছিল ৰমা দাসৰ হাতত ৷ জাগীৰোডৰ পৰা যুৱতীগৰাকীক লৈ ৰমা গুচি গৈছিল হাৰিয়ানালৈ ৷ হাৰিয়ানা পোৱাৰ পাচদিনাই এজন লোকৰ সৈতে ডেৰ লাখ টকাৰ বিনিময়ত ৰমাই বিয়া পাতি দিছিল যুৱতীগৰাকীক ৷ বিয়াখন আছিল এটা অৱলম্বনহে ৷ আচলতে যুৱতীগৰাকীক বিক্ৰী কৰা হৈছিল নাৰীদেহ ব্যৱসায়ীক ৷ বিয়া হ’বলৈ যুৱতীগৰাকী অমান্তি হৈছিল যদিও একো কৰিব পৰা নাছিল সেই সময়ত ৷
লগতে পঢ়ক :LIC : জীৱনজোৰা প্ৰতিশ্ৰুতি দি আধাতে এৰিলে সংগ
চাওঁতে চাওঁতে দিন বাগৰিল ৷ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হ’ব লগাত পৰিল যুৱতীগৰাকী ৷ অজান ঠাইত দুখৰ কথা কাক ক’ব তাই, কোনেনো বুজিব ! পিচে মানুহ মাত্ৰেইতো বেয়া নহয় ৷ জাল্লাদৰো কেতিয়াবা চকুলো সৰে ৷ হাৰিয়ানাৰ একাংশ লোকে সহায় কৰিলে যুৱতী গৰাকীক ৷ ছটাকৈ বছৰ দুৰ্বিসহ জীৱন কটোৱাৰ পাচত অৱশেষত ৰহা পালেহি ভুক্তভোগী যুৱতীগৰাকী ৷ তেতিয়াহে স্পষ্ট হৈ পৰিল সকলো কথা ৷