অসম

assam

By

Published : Dec 25, 2020, 7:39 PM IST

ETV Bharat / city

নগাঁৱত দুই বাহনৰ মুখামুখি সংঘৰ্ষত আহত দুই

নগাঁৱৰ আউনীআটিত পথ দুৰ্ঘটনা । তীব্ৰবেগী মাৰুতি অল্ট' আৰু হুণ্ডাই ক্ৰেতা বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুজন লোক আহত ।

নগাঁৱৰ আউনীআটিত ভয়াৱহ পথ দুৰ্ঘটনা
নগাঁৱৰ আউনীআটিত ভয়াৱহ পথ দুৰ্ঘটনা

চামগুৰি, ২৫ ডিচেম্বৰ: শুকুৰবাৰে নগাঁৱৰ আউনীআটিত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক । কলিয়াবৰ অভিমুখী এখন মাৰুতি অল্ট' বাহন আৰু বিপৰীত দিশৰ পৰা আহি থকা হুণ্ডাই ক্ৰেতা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাগ্ৰস্ত AS-02Z-9008 নম্বৰৰ মাৰুতি অল্ট' বাহনখনৰ চালক আৰু আন এজন লোক গুৰুতৰভাৱে আহত হয় ।

দুয়োকে ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাগ্ৰস্ত AS-23Q-5702 নম্বৰৰ ক্ৰেটা বাহনখন নগাঁও অভিমুখে গৈ আছিল । আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যানবাহন আৰক্ষী আৰু ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ পলমকৈ উপস্থিত হোৱাত ক্ষুদ্ধ হৈ পৰে একাংশ প্ৰত্যক্ষদৰ্শী । ভয়াৱহ দুৰ্ঘটনাটোত দুয়োখন বাহনৰে সন্মুখৰ অংশৰ ক্ষতিসাধন হয় ।

লগতে পঢ়ক:বিটিচিত পৰিষদীয় চৰকাৰত হিন্দী ভাষী সম্প্ৰদায়ৰ পৰা সদস্য মনোনীত কৰাৰ দাবী

ABOUT THE AUTHOR

...view details