অসম

assam

ETV Bharat / city

ধিঙত পথ দূৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা চিকিৎসা কৰ্মীৰ

ধিঙৰ বেতকাটিত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ নিজ দায়িত্ব শেষ কৰি ঘৰলৈ ওভতি অহাৰ সময়তেই সংঘটিত হয় দূৰ্ঘটনাটো ৷

ETV  BHARAT
ধিঙত পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা চিকিৎসা কৰ্মীৰ

By

Published : May 27, 2020, 4:55 PM IST

বটদ্ৰৱা, 27 মেঃনগাঁও জিলাৰ ধিঙৰ বেতকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নিশা নিজ দায়িত্ব শেষ কৰি নেহৰুবালিৰ পৰা ওভতি অহাৰ সময়তেই সংঘটিত হয় দূৰ্ঘটনাটো ৷ দূৰ্ঘটনাগ্ৰস্ত লোক জনৰ নাম হিৰন্য বৰুৱা বুলি জানিব পৰা গৈছে ৷

ধিঙত পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা চিকিৎসা কৰ্মীৰ

যোৱা নিশা নগাঁৱৰ নেহৰুবালিত কৰ্তব্যৰত আছিল বৰুৱা । নিজৰ দায়িত্ব সামৰি নিজে বাহন খন চলাই পুৱা ৮ বজাত ধিংস্থিত ঘৰলৈ ওভতি অহাৰ সময়তেই টোপনি গৈ পথচ্যুত হৈ এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে । উক্ত ঘটনাটোত কথমপি ৰক্ষা পৰে চিকিৎসা কৰ্মী হিৰণ্য ডেকা ৷ অৱশ্যে দূৰ্ঘটনাটোত বাহনখনৰ বহু ক্ষতি হৈছে ৷ ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আৰক্ষীক অৱগত কৰিছে বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক-কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা জাৰি

ABOUT THE AUTHOR

...view details