নগাঁও, 6 এপ্ৰিলঃ "হয়, মই হিমন্ত বিশ্ব শৰ্মাৰ 'চেলা নম্বৰ ওৱান' ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰে নহয় ভাৰতবৰ্ষৰ এজন নেতা ৷ তেনেকুৱা এজন নেতাৰ 'চেলা নম্বৰ ওৱান' হোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা ৷" নগাঁৱৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কৰা মন্তব্যৰ পাচতে এই প্ৰত্যুত্তৰ বিজেপিৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷ লগতে কয় যে, মই হিমন্ত বিশ্বৰ শৰ্মাৰ 'চেলা নম্বৰ ওৱান', কিন্তু প্ৰদ্যুৎ বৰদলৈ নিজেই গুপ্তহত্যাৰ লগত জড়িত সকলৰহে 'চেলা নম্বৰ ওৱান' ৷
অসমৰ ৰাজনীতিত এতিয়া 'চেলা নম্বৰ ওৱান'
ৰাজনৈতিক নেতাসকলৰ মুখ-চুপতিৰ ৰাজনীতিত এতিয়া 'চেলা নম্বৰ ওৱানৰ'ৰ ঢৌ ৷ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ তাছিল্যৰ প্ৰত্যুত্তৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷
etv bharat
এনেদৰেই, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বৃদ্ধি পাইছে ৰাজনৈতিক নেতাসকলৰ মুখ-চূপতি । শেহতীয়াকৈ সংবাদমেল যোগে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক হিমন্ত বিশ্ব শৰ্মাৰ চেলা নম্বৰ ওৱান বুলি কটাক্ষ কৰিছিল ৷ তাৰ প্ৰত্যুত্তৰতে শনিবাৰে এক জনসভাত উপস্থিত হৈ এইদৰে প্ৰকাশ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷