অসম

assam

ETV Bharat / city

২ নং বৰঘূলীত পানী যোগান আঁচনিৰ নামত ভেঁকো-ভাৱনা - kaliabor

আঁচনিৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ নামত ৰাইজক ধন দাবীৰ অভিযোগ কাৰ্যালয়টোৰ তদাৰকৰ দায়িত্বত থকা হাছেন আলিৰ বিৰুদ্ধে ৷

ETV BHARAT

By

Published : May 17, 2019, 4:19 AM IST

কলিয়াবৰ, 17 মে’: বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে কলিয়াবৰ বিধানসভা সমষ্টিৰ ২ নং বৰঘূলী অঞ্চল ৷ বাৰিষাৰ বানৰ ফলত প্ৰতি বছৰে বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ পৰাও সদায়ে অৱহেলিত হৈ অহাৰ অভিযোগ অঞ্চলটোৰ স্থানীয় লোকসকলৰ ৷ উল্লেখযোগ্য যে, 2016 চনতে আৰম্ভ হোৱা 2নং বৰঘূলীৰ নদীৰপাৰ পানী যোগানৰ এটা আঁচনি ঠিক দুমাহৰ পাচতেই বিকল হৈ পৰে ৷ ৰাইজৰ অভিযোগ এই বিষয়ে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক কাণচোৱাৰ পাচতো আজি পৰ্যন্ত গা-লৰা নাই মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ৷

২ নং বৰঘূলীত পানী যোগান আঁচনিৰ নামত ভেঁকো-ভাৱনা

ইয়াৰোপৰিও, আশ্বৰ্যকৰ কথাটো এইয়ে যে, 2016 চনতে আৰম্ভ কৰা আঁচনিখনৰ পৰিসৰৰ ভিতৰত থকা অঞ্চলসমূহত আজি পৰ্যন্ত দেখা নগ’ল এটাও পানী টেপ ৷ ইফালে আঁচনিখনৰ কাৰ্যালয়টোৰো হাবি সদৃশ পৰিস্থিতি ৷ হাবি-জঙ্ঘলৰে আবৰি থকা কাৰ্যালয়টোৰ বাৰান্দা মল-মূত্ৰৰে ভৰি পৰিছে ৷ লগতে, ৰাইজৰ অভিযোগ পানী যোগান কেন্দ্ৰটো পুনৰ মেৰামতি কৰাৰ অনুৰোধ জনালে ৰাইজক দুহেজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে দাবী কৰে তদাৰকৰ দায়িত্বত থকা হাছেন আলিয়ে ৷

তাৰোপৰি, কেন্দ্ৰটোত সংযোগ কৰা ৪৪০ কিলোৱাটৰ বৈদ্যুতিক তাঁৰডাল স্থানীয় লোকৰ বাসগৃহৰ ওপৰেৰে অনাৰ ফলত শংকিত স্থানীয় ৰাইজ ৷ কিয়নো কিছুদিনৰ পূৰ্বেই উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ চিগি কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে নদীৰপাৰ গাঁৱৰ লোক । এই সমস্যাসমূহক বিষয়ে বাৰে বাৰে কৈ থকাৰ পাচতো বিভাগীয় কৰ্তৃপক্ষই কাণষাৰ নিদিয়াৰ লগতে স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ নিৰাশজনক ভূমিকাৰ বাবেও ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

ABOUT THE AUTHOR

...view details