নগাঁও, 30 জুনঃ সোমবাৰে নগাঁৱত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই । লক্ ডাউনৰ পূৰ্বেই বহিঃৰাজ্যত কৰ্মৰত লোকক অসমলৈ অনাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে লক্ ডাউনৰ পিছত অৰ্থাৎ কৰ'ণাসৃষ্ট ভয়াৱহ পৰিবেশৰ সময়তে বহিঃৰাজ্যৰ লোকক অসমলৈ আনি সংক্ৰমণ বৃদ্ধি কৰা বুলি প্ৰথম অভিযোগ উত্থাপন কৰে বিধায়ক নুৰুল হুদাই ।
আনহাতে বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন কৰিবলগীয়া লোকক কৰ'ণা পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পূৰ্বেই হ’ম কোৱাৰেণ্টাইনলৈ পঠোৱাৰ বাবেই সমাজত কৰ'ণা ভাইৰাছ বিয়পি পৰা বুলি দ্বিতীয়টো অভিযোগ দাঙি ধৰে । লগতে চৰকাৰে লক্ ডাউন দি ৰাজ্যৰ বিভিন্ন প্ৰান্তত টোল গেট স্থাপন কৰি সাধাৰণ লোকৰ ওপৰত মাধমাৰ সোধাইছে বুলি কয় বিধায়কগৰাকীয়ে ।