অসম

assam

ETV Bharat / city

শিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান - সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ

উড়িষাৰ পুৰীস্থিত সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ দিশত উৎসৰ্গিত,বিশ্বৰ 42খন দেশলৈ প্ৰসাৰিত আন্তৰাষ্ট্ৰীয় অনুষ্ঠান 'লোকভাষা প্ৰচাৰ সমিতি'য়ে আগবঢ়াইছে এই সন্মান । সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাকৰ সিদ্ধান্ত মৰ্মে অধ্যক্ষ ড৹ সদানন্দ দীক্ষিতে এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰিছে ।

শিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান
শিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান

By

Published : Aug 27, 2020, 3:59 AM IST

নগাঁও, 26 আগষ্ট : অসমবাসীলৈ এটা সুখবৰ । শিল্পী ৰঞ্জন বেজবৰুৱালৈ 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান । কৰ'ণাসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে অসমবাসীলৈ আহিছে এই সুখবৰ ৷ সংস্কৃত গীতৰ বিশিষ্ট শিল্পী,সংস্কৃত-গীতিকাৰ,অনুবাদক নগাঁৱৰ ৰঞ্জন বেজবৰুৱালৈ আগবঢ়োৱা হৈছে এই বছৰৰ 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান ।

শিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান

উড়িষাৰ পুৰীস্থিত সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ দিশত উৎসৰ্গিত,বিশ্বৰ 42খন দেশলৈ প্ৰসাৰিত আন্তৰাষ্ট্ৰীয় অনুষ্ঠান 'লোকভাষা প্ৰচাৰ সমিতি'য়ে আগবঢ়াইছে এই সন্মান ৷ সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাকৰ সিদ্ধান্ত মৰ্মে অধ্যক্ষ ড৹ সদানন্দ দীক্ষিতে এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰিছে ।

শিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান

অসমীয়া তথা ভাৰতীয় সংগীতক সংস্কৃত ভাষাৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাক ভাৰতীয় সংগীতৰ মাধ্যমেৰে সমাজত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত শিল্পী ৰঞ্জন বেজবৰুৱাই আগবঢ়াই আহিছে বিশেষ অৰিহণা । মূলতঃ অনুবাদ আৰু পুনঃসৃষ্টিৰ জৰিয়তে ভাৰতীয় ভাষা আৰু সংগীতৰ আদান-প্ৰদানেই বেজবৰুৱাৰ সাংস্কৃতিক কৰ্মৰ মূল বিষয় । তেওঁৰ শতাধিক মৌলিক আৰু ভিন্ন ভাষাৰ পৰা সংস্কৃতলৈ অনূদিত গীতৰ পুথি দুখন হৈছে 'গীত-সংস্কৃতম্‌' আৰু ভাৰতীয় সংস্কৃতিমূলক নিৱন্ধ সংকলন 'আনন্দ-সুধাকৰঃ' ।

লগতে পঢ়কঃবিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত 15 বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন লোক

ABOUT THE AUTHOR

...view details