অসম

assam

By

Published : Oct 3, 2020, 10:41 PM IST

ETV Bharat / city

নগাঁৱত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে ব্যৱসায়ীয়ে

নগাঁৱৰ ৰণথলীত চাঞ্চল্যকৰ হত্যাকাণ্ড। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কেঁচা সোণৰ গহনা বিপনীৰ স্বত্বাধিকাৰীক।

নগাঁৱত চুৰিকাঘাতত প্ৰাণ হেৰুৱালে ব্যৱসায়ীয়ে
নগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

নগাঁও, 3 অক্টোবৰ :নগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড । জিলাখনৰ ৰণথলি ৰজাভেটীত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে প্ৰশান্ত বণিয়া নামৰ এজন ব্যৱসায়ীয়ে ৷ ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুই যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে আক্ৰমণৰ অভিযোগ ।

আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰশান্ত বণিয়াক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নিহত প্ৰশান্ত বণিয়া নগাঁও চহৰত থকা 'গহণা' নামৰ কেঁচা সোণৰ জুৱেলাৰীৰ স্বত্বাধিকাৰী । ধনৰ লেনদেনৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

লগতে পঢ়ক :তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

ABOUT THE AUTHOR

...view details