নগাঁও, 2 ফেব্ৰুৱাৰী : চুকাফা দিৱসৰ দিনটোতেই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি । পেট্ৰ’ল-ডিজেলকে ধৰি নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি(Krishak Mukti Sangram Samiti protest)ৰ নগাঁও জিলা সমিতিয়ে । প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷
নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধিকে মূলইছ্যু হিচাপে লৈ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনতেই পূৰ্বৰ তুলনাত বহুগুণে মূল্যবৃদ্ধি হোৱা বুলি প্ৰতিবাদস্থলীত মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰাই । বিজেপি চৰকাৰক দুই নম্বৰী চৰকাৰ আখ্যা দি বৰাই ৰাজ্যৰ শাসনাধিষ্ঠ চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীসকলক হাৰাশাস্তি কৰাৰ অভিযোগ কৰে ৷