নগাঁও,17 আগষ্ট:এগৰাকী কলংপৰীয়া শিল্পীৰ আজি অসহায় অৱস্থা । আমি ক’বলৈ লোৱা শিল্পীগৰাকী হৈছে বিষ্ণু তামুলী ৷ বিগত বৰ্ষত কলংপৰীয়া শিল্পী বঁটাৰে সন্মানিত কৰা হৈছিল শিল্পী বিষ্ণু তামুলীক । কলংপৰীয়া শিল্পী বঁটা লাভ কৰা শিল্পী বিষ্ণু তামুলী আজি তেওঁ অসহায় ।
নিজৰ অসহায় অৱস্থাৰ বৰ্ণনা কৰিবলৈ গৈ কেমেৰাৰ সন্মুখতেই হুকহুকাই কান্দিলে এইগৰাকী কলংপৰীয়া শিল্পী বিষ্ণু তামুলীয়ে । দুই কন্যাৰ বিয়া, পত্নীৰ মৃত্যুৰ পিছৰ পৰাই অসহায় হৈ পৰে শিল্পী বিষ্ণু তামুলী । নিজৰ অভিনয়ৰে হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰা শিল্পী বিষ্ণু তামুলীৰ কাষত থিয় হ’বলৈ যেন এতিয়া কোনোৱেই নাই ।
কিছুদিন পূৰ্বে এইগৰাকী শিল্পীৰ ভৰিত হৈছিল সামান্য ফোঁহা ।
সেয়াই ক্ৰমান্বয়ে ধাৰণ কৰে জটিল ৰূপ । আৰ্থিক অভাৱৰ বাবেই উপযুক্ত সময়ত চিকিৎসা কৰিব নোৱাৰা শিল্পী বিষ্ণু তামুলীৰ সামান্য ফোঁহাই লয় জটিল ৰূপ । বৰ্তমান ভৰিৰ জটিল ৰোগত আক্ৰান্ত শিল্পী বিষ্ণু তামুলী ৷ শিল্পী বিষ্ণু তামুলীৰ অসহায় অৱস্থা দেখি অৱশেষত আগবাঢ়ি আহিল দুই নগঞা শিল্পী বিৰিঞ্চি বৰা আৰু অতুল মহন্ত ।