কলিয়াবৰ, 1 ছেপ্তেম্বৰ : ভদীয়া বানৰ কবলত অসম গৌৰৱ কাজিৰঙা । ইতিমধ্যে বলীয়া বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন প্ৰান্তৰ লগতে বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃৰ্ণ অঞ্চল প্লাৱিত কৰি তুলিছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী দিনক দিনে বৃদ্ধি পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুসমূহে ওখ স্থান বিচাৰি হাবাথুৰি খাব লগা এক পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান এশিঙীয়া গঁড়ে আশ্ৰয় লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা হাইলেণ্ডসমূহত । আনহাতে, হৰিণাসমূহে ওখ স্থান বিচাৰি পানীৰ মাজতে অনাই-বনাই ঘুৰি ফুৰিবলগীয়া হৈছে । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যান খনৰ অন্তৰ্ভাগৰ পৰা বন্য জীৱ-জন্তুসমূহে ওখ স্থান বিচাৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে ।
ভদীয়া বানৰ বুৰ গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা উদ্যানৰ বনকৰ্মীসকলেও দিনে-নিশাই উদ্যানখনৰ ভিতৰে-বাহিৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । বানৰ মাজত ওখ স্থান বিচাৰি চটফটাই থকা বিশেষকৈ হৰিণাসমূহক উদ্ধাৰ কৰি বনকৰ্মীসকলে নিৰাপদ স্থানত মুকলি কৰি দিছে ।
ভদীয়া বানৰ বুৰ গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰাৰ সময়ত যাতে কোনো জীৱ-জন্তু দুৰ্ঘটনাত পতিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি দিনে-নিশাই ৰাষ্ট্ৰীয় ঘাইপথত পহৰা দি আহিছে । ইপিনে কলিয়াবৰৰ কুঠৰীৰো বিভিন্ন অঞ্চলত বানে ক্ষতি কৰিছে ৷ মহকুমাটোৰ অন্তৰ্গত কুঠৰীৰ হাৰমতী, ন-জানকে ধৰি বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যথেষ্ট লোকৰ ক্ষতিসাধন কৰিছে ।
ভদীয়া বানৰ বুৰ গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যাসমূহৰ বুজ লয় । সাতটা শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকসকলক তাৎক্ষণিকভাৱে সহায় হোৱাকৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী তথা অন্যান্য লাগতিয়াল সামগ্ৰী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমা প্ৰশাসনক দিহা দিয়ে মন্ত্ৰীগৰাকীয়ে ।
পৰিদৰ্শনকালত মন্ত্ৰী কেশৱ মহন্তৰ সৈতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস উপস্থিত থাকে । কলিয়াবৰ মহকুমাৰ বৰঘূলী, কুঠৰী অঞ্চলৰ লগতে লাওখোৱা অঞ্চলত বানৰ কৱলত কেইবাশ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে নগাঁও জিলাৰ উপায়ুক্তই বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সমস্যাৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সাহায্যৰ তদাৰক কৰে ।
লগতে পঢ়ক:ৰাজ্যৰ শিপিনীসকললৈ আহিছে এক সুখবৰ...