নগাঁও, 11 অক্টোবৰ : নগাঁৱৰ কঠিয়াতলী পেট্ৰ'ল পাম্পৰ গুলীচালনা সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৷ ঘটনা সংঘটিত হোৱাৰ 12 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে মূল অভিযুক্তক ৷ আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী ইলিয়াছ উদ্দিনে ৷ নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে আৰম্ভ কৰা তদন্তত সমগ্ৰ আক্ৰমণৰ পৰিকল্পনা নিজে কৰা বুলি স্বীকাৰ কৰিছে ইলিয়াছে ৷ ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আন চাৰিজনক সোধপোছ কৰি থকাৰ লগতে গুলীচালনা সংঘটিত কৰা ডকাইতৰ বিৰুদ্ধেও অব্যাহত ৰাখিছে অভিযান ।
কঠিয়াতলীৰ পেট্ৰ'ল পাম্পত গুলীচালনা : 5 জনক আটক - নিজে আক্ৰমণৰ পৰিকল্পনা কৰা বুলি স্বীকাৰ ইলিয়াছৰ
নগাঁৱৰ কঠিয়াতলী পেট্ৰ'ল পাম্পৰ গুলীচালনা সন্দৰ্ভত 12 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে মূল অভিযুক্তক ৷ আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী ইলিয়াছ উদ্দিনে ৷
মূল অভিযুক্ত ইলিয়াছ উদ্দিন
উল্লেখ্য যে, নগাঁৱৰ কঠিয়াতলী পেট্ৰ'ল পাম্পত বৃহস্পতিবাৰে সন্ধিয়া পেট্ৰ'ল পাম্পৰ মেনেজাৰ ৰাজকুমাৰ সিঙক দুৰ্বৃত্তই গুলীচালনা কৰি লুটি নিছিল ধন ।