অসম

assam

ETV Bharat / city

কামপুৰত পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ কৃষক - কামপুৰৰ চাংচকী পঞ্চায়তৰ কৃষক সন্মান নিধিৰ আঁচনিত ব্যাপক অনিয়ম

কামপুৰৰ চাংচকী পঞ্চায়তৰ কৃষক সন্মান নিধিৰ আঁচনিত ব্যাপক অনিয়ম । আঞ্চলিক সদস্যা আৰু ৱাৰ্ড সদস্যই ২০০ ৰ পৰা ৩০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ । অতি শীঘ্ৰে বিষয়টোৰ তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে কৃষকসকলে ৷

ETV BHARAT
কামপুৰত পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ কৃষক

By

Published : May 17, 2020, 10:43 AM IST

বঢ়মপুৰ, 17 মেঃ নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী পঞ্চায়তত কৃষক সন্মান নিধিৰ আঁচনিত ব্যাপক অনিয়ম । পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ওলাই আহিল অঞ্চলটোৰ কৃষকসকল ৷ নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকাই যেন এফালৰ পৰা উদঙাইছে দুৰ্নীতি । সৰ্বত্ৰে কেৱল অনিয়মৰ অভিযোগ ।

কামপুৰত পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ কৃষক

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ক্ষেত্ৰত এইবাৰ বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী পঞ্চায়তৰ সভাপতিৰ লগতে সদস্যৰ বিৰুদ্ধে । চাংচকী পঞ্চায়তত প্ৰকৃত কৃষকৰ বিপৰীতে অন্যলোকৰ নামহে তালিকাত থকাৰ অভিযোগ । আনফালে, চৰকাৰী চাকৰি থকা লোকৰ পৰিয়ালকহে চৰকাৰী সাহাৰ্যৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ কৃষক সকলৰ ৷ যাৰ ফলত ক্ষুদ্ধ হৈ লক ডাউনৰ মাজতো দেউৰী গাৱঁত ওলাই আহিল বঞ্চিত কৃষকসকল ।

তাৰোপৰি, পঞ্চায়তটোৰ আঞ্চলিক সদস্যা আৰু ৱাৰ্ড সদস্যই কৃষক সন্মান নিধি আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰোৱাৰ বিনিময়ত বহু কৃষকৰ পৰা ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ আন এক গুৰুতৰ অভিযোগ তুলিছে কৃষকসকলে ৷ এফালে ধন দিয়া কৃষকৰ নাম তালিকাত নোহোৱাত ক্ষুদ্ধ হৈ পৰে । উক্ত ঘটনাৰ বিৰুদ্ধে কৃষকসকলে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীক তদন্তৰ বাবে অনুৰোধ জনাইছে । আনহাতে, চাংচকী পঞ্চায়তকে ধৰি ৰহা মহকুমাৰ বিভিন্ন পঞ্চায়তত কৃষক সন্মান নিধিৰ আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠাৰ পিছত চৰকাৰে তদন্ত ঘোষণা কৰিছিল যদিও তদন্তৰ নামত ভেকোঁভাওনা কৰাৰহে অভিযোগ তুলিছে বঞ্চিত কৃষকসকলে ৷ অতি শীঘ্ৰে বিষটোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে কৃষকসকলে ৷

লগতে পঢ়ক- বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত জল সংকটত ৩৭ টা পৰিয়াল

ABOUT THE AUTHOR

...view details