নগাঁও, 29 জুনঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু অঞ্চল ৷ ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে উদ্যানখনৰ জীৱ-জন্তু বোৰ ৷
ৰাজ্য খনত দীৰ্ঘ দিনৰে পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতি ৷ ঠিক একেদৰে নগাঁও জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰো বহু অংশ বানে বুৰাই পেলাইছে ৷ বানত ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জীৱকুলৰ মাজত ৷ ইফালে নিৰাপদ স্থান বিচাৰি ইতিমধ্যে কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে উদ্যান খনৰ জীৱ জন্তুবোৰে ।