অসম

assam

By

Published : Dec 19, 2020, 10:05 AM IST

ETV Bharat / city

নগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

নগাঁৱত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান। মাজনিশা অভিযান চলাই জব্দ লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ।

নগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ
নগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

নগাঁও, 19 ডিচেম্বৰ :নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান। নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মাজনিশা অভিযান চলাই লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।

নগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

শুকুৰবাৰে নিশা নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনা আৰু নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ নগাঁও টাউন টেলিয়গাৱঁত এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় । নগাঁৱৰ ম'হখুলিৰ আজগৰ আলী নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজ ভাড়াঘৰৰ পৰাই ড্ৰাগছ সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে।

নগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

উল্লেখ্য যে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে আজগৰ আলীৰ ভাড়াঘৰতে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে আৰক্ষীৰ দলটোৱে অভিযুক্ত আজগৰ আলীকো আটক কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক:বেংগালুৰুত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ছাত্ৰীৰ অভিযুক্তক ফাঁচীৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details