অসম

assam

কলিযুগৰ শ্ৰৱণ কুমাৰৰ বটদ্ৰৱা ভ্ৰমন : মাতৃৰ সৈতে ল'লে আশীষ

By

Published : Jun 24, 2019, 8:51 AM IST

বৰ্তমান সময়ত নিজ সন্তানে পিতৃ - মাতৃৰ দায়িত্ব লোৱাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰাৰ সময়তে কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰে মাতৃভক্তিৰ অতুলনীয় উদাহৰণ দাঙি ধৰিলে ৷ ৭০ বয়সীয়া বৃদ্ধা মাতৃক স্কুটাৰত উঠাই ভেলুৰ মথৰ পৰা আৰম্ভ কৰি কাশী, বৃন্দাবন কামাখ্যাধামকে আদি কৰি উপস্থিত হ'ল বটদ্ৰৱা থানত ৷

কলিযুগৰ শ্ৰৱণ কুমাৰৰ বটদ্ৰৱা ভ্ৰমন

বটদ্ৰৱা, 24 জুন : ৪০ হাজাৰ কিলোমিটাৰ পথ ভ্ৰমন কৰি কলিযুগৰ শ্ৰৱণ কুমাৰ খ্যাত কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰ উপস্থিত হ'ল বটদ্ৰৱা থানত ৷ বৰ্তমান সময়ত সন্তানে নিজ পিতৃ - মাতৃৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বৃদ্ধাশ্ৰমত থোৱাৰ সময়তে ডি কৃষ্ণ কুমাৰে ৭০ বয়সীয়া বৃদ্ধা মাতৃ সুদৰ্থনাৰ মনোবাঞ্চা পূৰণাৰ্থে উপস্থিত হয় বটদ্ৰৱাত ৷ পিতৃয়ে মৃত্যুৰ পূৰ্বে উপহাৰ দিয়া বাজাজ স্কুটাৰ চলাই প্ৰথমে ভেলুৰ মথৰ পৰা যাত্ৰা আৰম্ভ কৰি কাশী, বৃন্দাবন, জগন্নাথ পুৰী, কন্যাকুমাৰী, দ্বাৰকাকে আদি কৰি অৱশেষত অসমত আহি উপস্থিত হয় ৷

কলিযুগৰ শ্ৰৱণ কুমাৰৰ বটদ্ৰৱা ভ্ৰমন

উল্লেখ্য যে, ১৩ বছৰ চাকৰি কৰি বিভিন্ন ঠাই ভ্ৰমন কৰাৰ অন্তত মাতৃ সুদৰ্থনাই ভেলুৰ মঠ দৰ্শনৰ ইচ্ছা প্ৰকাশ কৰাত পু্ত্ৰ কুমাৰে ভেলুৰৰ লগতে সমগ্ৰ দেশৰ মঠ - মন্দিৰ পৰিভ্ৰমন কৰোৱায় ৷ চিৰকুমাৰ ব্ৰত গ্ৰহণ কৰা কুমাৰে আজীৱন মাতৃ সেৱাৰ সংকল্পৰে চাকৰিৰ পৰা অব্যাহতি লৈ এনেদৰে দেশৰ বিভিন্ন ঠাই পৰিভ্ৰমন কৰে ৷ এই সৌভাগ্যশালী মাতৃ গৰাকীয়ে মন্তব্য কৰে যে, স্কুটাৰত বহি ইমানবোৰ স্থান পৰিভ্ৰমন কৰাৰ পাছতো কোনো ধৰণৰ কঁকালৰ বিষ, পিঠিৰ বিষ, ভৰিৰ বিষ অনুভৱ কৰা নাই তেওঁ ৷ বটদ্ৰৱা থানত উপস্থিত হৈ মাতৃ - পুত্ৰই কীৰ্তন ঘৰ, পদশিলা, পটশিলা, হাটিবহা, আকাশী গংগা, শংকৰ শিলিখা বৃক্ষ দৰ্শন কৰি আপ্লুত হৈ পৰে । কৃষ্ণ কুমাৰে জানিবলৈ দিয়ে যে, বটদ্ৰৱা থান দৰ্শন নকৰা হ'লে তেওঁৰ উত্তৰ - পূৱ ভ্ৰমণ সাৰ্থক নহ'ল হেতেন ৷

ABOUT THE AUTHOR

...view details