অসম

assam

ETV Bharat / city

পুৰণিগুদামত খোদ বিজেপি নেতাৰ হস্তক্ষেপত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ - হালোৱাগাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম জিৎ সিং

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে এটাৰ পাছত আনটো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ বিজেপি নেতাৰ ছত্ৰছায়াত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ নগাঁৱৰ পুৰণিগুদামৰ চলচলি সমবায় সমিতিতো উত্থাপন হৈছে একে অভিযোগ ৷

corruption at nagaon
পুৰণিগুদামত খোদ বিজেপি নেতাৰ হস্তক্ষেপত দুৰ্নীতিৰ অভিযোগ

By

Published : Oct 24, 2021, 10:46 PM IST

চামগুৰি, 24 অক্টোবৰ : দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনত নগাঁও জিলাৰ পুৰণিগুদামত খোদ বিজেপি নেতাৰ হস্তক্ষেপত সংঘটিত হৈছে পাহাৰসম দুৰ্নীতি । বঢ়মপুৰ সমষ্টিৰ হালোৱাগাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম জিৎ সিঙৰ প্ৰত্যক্ষ হস্তক্ষেপত চলচলি সমবায় সমিতি লিমিটেডৰ সভাপতি নিতু শইকীয়া আৰু সম্পাদক দুলাল বৰাই সমবায়খনত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে সমবায়খনৰ সঞ্চালক মণ্ডলীয়ে ৷ দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে সমবায়খনৰ সঞ্চালক মণ্ডলীৰ সদস্যই ।

পুৰণিগুদামত খোদ বিজেপি নেতাৰ হস্তক্ষেপত দুৰ্নীতিৰ অভিযোগ

সমবায়খনৰ সঞ্চালক মণ্ডলীৰ সদস্যই কৰা অভিযোগ অনুসৰি ভূমিৰ বাবদ ফ’ৰলেণ্ড নিৰ্মাণ কৰ্তৃপক্ষৰ পৰা সমবায়খনে পোৱা প্ৰায় ১৪ লাখ টকাৰে সমবায়খনৰ অৱশিষ্ট ভূমিত কেইখনমান দোকান গৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সমবায়খনৰ সভাপতি, সম্পাদক তথা বিজেপি নেতা বিক্ৰমজিতে সঞ্চালক মণ্ডলীৰ অজ্ঞাতে নিজ মইমতালিৰে দোকান গৃহসমূহ নিৰ্মাণ কৰি পুঁজিৰ ব্যাপক গাফিলতি কৰিছে । দোকান গৃহকেইটা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তিনিওগৰাকী অভিযুক্তই প্ৰদান কৰা নাই কোনো হিচাপ-নিকাজ ।

পুৰণিগুদামত খোদ বিজেপি নেতাৰ হস্তক্ষেপত দুৰ্নীতিৰ অভিযোগ

সমবায়খনৰ সম্পাদক দুলাল বৰাই মৌখিক হিচাব প্ৰকাশ কৰিছে যদিও ইয়াকেলৈ মুঠেও সন্তুষ্ট নহয় সঞ্চালক মণ্ডলী । ইফালে বিগত কেইবাবছৰ সমবায় সমিতিখনৰ বাৰ্ষিক হিচাপ-নিকাছ সদস্যসকলে বিচৰাৰ পিছতো দিব পৰা নাই সভাপতি-সম্পাদকগৰাকীয়ে । ইয়াৰ বিপৰীতে চলিত বৰ্ষ পৰ্যন্ত মুঠ সাত লাখ টকাৰ বিত্তীয় খেলিমেলি কৰি সমুদায় ধন সভাপতি-সম্পাদকদ্বয়ে হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰে সঞ্চালকমণ্ডলীয়ে । এই সমগ্ৰ অভিযোগৰ উপযুক্ত তদন্ত বিচাৰি সঞ্চালকমণ্ডলীয়ে পুৰণিগুদাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে বুলিও জানিবলৈ দিয়ে ।

পুৰণিগুদামত খোদ বিজেপি নেতাৰ হস্তক্ষেপত দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক দোকান গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত বিত্তীয় খেলিমেলিৰ বিষয়টো অৱগত কৰাত এক তদন্ত ঘোষণা কৰিছিল যদিও তদন্তৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাতো অসন্তুষ্টি ব্যক্ত কৰিছে সমবায়খনৰ একাংশ সদস্যই । উঠি ৰজা বহি ৰজা বিক্ৰম জিৎ সিং নামৰ বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা যোগান মন্ত্ৰী ৰঞ্জিত দাসে কি ব্যৱস্থা গ্ৰহণ কৰিবনে ? নে সমগ্ৰ দুৰ্নীতিৰ সৈতে বিজেপি নেতা জড়িত থকাৰ সুবাদত উচিত তদন্ত নহ'ব চলচলি সমবায়ত সংঘটিত বিত্তীয় খেলিমেলিৰ সন্দৰ্ভত ।

লগতে পঢ়ক :ক্ৰমাৎ বৃদ্ধি পাইছে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ শৰণাৰ্থীৰ সংখ্যা

ABOUT THE AUTHOR

...view details