ৰূপহীহাট, 10 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে ৰূপহীহাটত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ নেতৃত্বত কংগ্ৰেছৰ সদস্যসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পেট্ৰ'লিয়াম জাতীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি চৰকাৰক সমালোচনা কৰে বিধায়ক নুৰুল হুদাই ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে গণস্বাক্ষৰ অভিযান শেষ কৰাৰ পাছতে এক প্ৰতিবাদী চাইকেল সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে ৷ ৰূপহীহাট সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ কৰ্মীসকলে এই প্ৰতিবাদী চাইকেল সমদলত অংশগ্ৰহণ কৰে ৷ মূল্যবৃদ্ধি প্ৰতিৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদী চাইকেল ৰেলী শেষ হোৱাৰ অন্তত ৰূপহীহাট মহাবিদ্যালয়ৰ ওচৰত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে ৷