কলিয়াবৰ, 20 মে': বাংলাদেশৰ ঢাকাত ১৭ মে'ৰ পৰা ২০ মে'লৈ অনুষ্ঠিত হোৱা এছিয়ান পেচাপল' চেম্পিয়নশ্বিপত ভাৰতীয় দলে বিভিন্ন শাখাত ২ টা সোণ আৰু 3 টাকৈ ৰূপ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ এই ভাৰতীয় দলত মুঠ ১৩ গৰাকী অসমৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে ৷ এই চেম্পিয়নশ্বিপত ভাৰতৰ উপৰি ঘৰুৱা দল বাংলাদেশ, নেপাল আৰু ভূটানে অংশগ্ৰহণ কৰিছিল ৷
এছিয়ান পেচাপল' চেম্পিয়নশ্বিপঃ ভাৰতৰ দখলত ২ টা সোণ, 3 টা ৰূপ - কলিয়াবৰৰ দুজনকৈ খেলুৱৈ
বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা এছিয়ান পেচাপল' চেম্পিয়নশ্বিপত ভাৰতীয় দলে বিভিন্ন শাখাত ২ টা সোণ আৰু 3 টাকৈ ৰূপ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ এই দলত মুঠ ১৩ গৰাকী অসমৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে ৷
এছিয়ান পেচাপল' চেম্পিয়নশ্বিপ : ভাৰতৰ দখলত ২ টা সোণ, 3 টা ৰূপ
স্বৰ্ণ পদক দখল কৰা ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈ সকল হৈছে - কংকণজ্যোতি ডেকা আৰু শিখামণি দাস ৷ ৰূপৰ পদক দখল কৰা ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈসকল ক্ৰমে - ৰফিকুল ইছলাম, চতুলাল চৌহান, সৌৰভজ্যোতি বৰা, কৃষ্ণাখী বৰা, সুদীপ্ত নেওগ, জ্যোতিৰ্ময় বৰা, জ্যোতিষ্মান বৰা, ভক্তিপ্ৰতিম বৰা, লক্ষ্যজ্যোতি বৰা ৷ ইয়াৰে কলিয়াবৰৰ লক্ষ্যজ্যোতি বৰা আৰু কৃষ্ণাক্ষী বৰাই এই চেম্পিয়নশ্বিপত অংশগ্ৰহণেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷