নগাঁও, 21 এপ্ৰিল :নগাঁৱত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ(Assam police encounter) । এইবাৰ এটি শিশু ধৰ্ষণৰ অভিযুক্তক এনকাউণ্টাৰ কৰিলে নগাঁৱৰ বটদ্ৰৱা আৰক্ষীয়ে(Rapist injured in police encounter) । বটদ্ৰৱাৰ ৰামপুৰ পামগাঁৱত ১৯ এপ্ৰিলত এটি চাৰিবছৰীয়া শিশু ধৰ্ষণকাণ্ডৰ অভিযুক্ত ইদ্ৰিছ আলিক বুধবাৰে সন্ধিয়া বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
১৯ এপ্ৰিলৰ দুপৰীয়া ৰামপুৰ পামগাঁৱৰ এগৰাকী তিনি বছৰীয়া শিশুক আচাৰ খাবলৈ দিম বুলি ফুচুলাই ঘৰত সোমাৱাই এই ঘৃণনীয় কাৰ্য কৰাৰ অভিযোগ আহিছিল ইদ্ৰিছ আলিৰ বিৰুদ্ধে । এই ঘটনা পোহৰলৈ অহাৰ পাছত শিশুটিৰ মাতৃ তথা পৰিয়ালৰ লোকে অভিযুক্তৰ ফাঁচীৰ দাবী তুলিছিল ।