অসম

assam

ETV Bharat / city

ভাস্কৰ্যৰ জৰিয়তে অসমৰ ঐতিহ্য সংৰক্ষণৰ চেষ্টা শিল্পী অজিত বৰাৰ - অসমৰ ঐতিহ্য

নিজ বাসগৃহক শিল্পাশ্ৰমলৈ পৰিণত কৰাৰ চেষ্টা নগঞা শিল্পী অজিত চন্দ্ৰ বৰাৰ । দেৱালত ভাস্কৰ্য নিৰ্মাণ কৰি অসমৰ ঐতিহ্য সংৰক্ষণৰ প্ৰয়াস শিল্পীগৰাকীৰ । আনকি চিত্ৰশিল্পৰ জৰিয়তে যৌন সমস্যা, দৰিদ্ৰতা আদি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে তেওঁ ।

a teacher in nagaon trying to preserve heritage through sculpture
ভাস্কৰ্যৰ জৰিয়তে অসমৰ ঐতিহ্য সংৰক্ষণৰ চেষ্টা শিল্পী অজিত বৰাৰ

By

Published : Nov 8, 2021, 7:13 PM IST

নগাঁও, 8 নৱেম্বৰ :এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী প্ৰয়াস । পেছাগতভাৱে শিক্ষক যদিও শিল্পকৰ্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে ব্যক্তিগৰাকী । নগাঁৱৰ হাতীচুং ব্ৰাহ্মণ গাঁৱৰ এইগৰাকী শিক্ষকৰ নাম অজিত চন্দ্ৰ বৰা । নিজ বাসগৃহক এতিয়া শিল্পাশ্ৰমলৈ পৰিণত কৰাৰ প্ৰয়াস কৰিছে শিক্ষক অজিত চন্দ্ৰ বৰাই । বহুকেইখন দৃশ্য শিল্পীগৰাকীৰ বাসগৃহৰ দেৱালত দেখা পোৱা গৈছে । য'ত ভাস্কৰ্যৰ জৰিয়তে প্ৰতিফলিত কৰিব বিচাৰিছে অসমৰ ঐতিহ্য । দেৱালত নিৰ্মাণ কৰিছে অসমৰ বিহু নৃত্যৰ ভাস্কৰ্য, নিৰ্মাণ কৰিছে ৰংঘৰৰ ভাস্কৰ্য

কেৱল এয়াই নহয় নাও খেল, মণিপুৰী নৃত্য, মাঘ বিহুৰ সময়ৰ ম'হ যুজঁ আদিৰ ভাস্কৰ্য ঘৰৰ দেৱালতে নিৰ্মাণ কৰি সংৰক্ষণৰ চেষ্টা কৰিছে অজিত চন্দ্ৰ বৰাই । দেৱালত ইতিমধ্যেই অসমৰ ঐতিহ্য বহনকাৰী প্ৰতীকসমূহ ভাস্কৰ্যৰ ৰূপত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও কেৱল ৰং দিবলৈহে বাকী ।

ভাস্কৰ্যৰ জৰিয়তে অসমৰ ঐতিহ্য সংৰক্ষণৰ চেষ্টা শিল্পী অজিত বৰাৰ

কেৱল দেৱালত ভাস্কৰ্য নিৰ্মাণ কৰাই নহয়, এইগৰাকী শিল্পী অজিত চন্দ্ৰ বৰাই চিত্ৰশিল্পৰ জৰিয়তে বনজ সম্পদ ধ্বংসৰ প্ৰতিবাদ কৰাৰ উপৰিও যৌন সমস্যা, দৰিদ্ৰতা আদি কেবাটাও গুৰুত্বপূৰ্ণ বিষয় প্ৰতিফলিত কৰিছে । নিজ বাসগৃহতে আইক বচাওক, ক্ষুধা, ভুলৰ পৰিনাম, পৰাধীন, প্ৰকৃতি আৰু মানুহ, যৌন সমস্যা আদি নামেৰে অংকন কৰিছে চিত্ৰ ।

১৯৮৩ চনৰ অসম আন্দোলনৰ পটভূমিত অংকন কৰা হৈছে আইক বচাওক নামেৰে নামাকৰণ কৰা চিত্ৰ । একেদৰে দৰিদ্ৰতাক প্ৰতিফলিত কৰা উদ্দেশ্যে ক্ষুধা নামৰ চিত্ৰখন অংকন কৰাৰ সমান্তৰালকৈ প্ৰকৃতি আৰু মানুহ নামৰ চিত্ৰখনৰ জৰিয়তে বন ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে চিত্ৰশিল্পী গৰাকীয়ে । ইয়াৰোপৰি জ্বলি জ্বলি শেষ হোৱা মই হ’লো ম'মৰ টুকুৰা আদি ছবিৰ জৰিয়তে বাস্তৱ জীৱনক প্ৰতিফলিত কৰিছে শিল্পী অজিত চন্দ্ৰ বৰাই ।

শেহতীয়াকৈ চিত্ৰশিল্পৰ প্ৰসাৰৰ উদ্দেশ্যে গাঁৱতে অজিত চন্দ্ৰ বৰাই স্থাপন কৰিছে শ্ৰীমন্ত শংকৰদেৱ চিত্ৰকলা বিদ্যালয় । ৮০ দশকতে প্ৰখ্যাত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ পৰা চিত্ৰশিল্পৰ শিক্ষা গ্ৰহণ কৰিছিল অজিত চন্দ্ৰ বৰাই । সেই সময়ৰ পৰাই নীৰৱে শিল্পকৰ্ম কৰি আহিছে এইগৰাকী অজিত চন্দ্ৰ বৰাই ।

লগতে পঢ়ক :প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰৰ সোঁৱৰণত কৰ্ণ-পৰ্ব ভাওনা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details