কলিয়াবৰ, 22 মে' : কৰ’ণাত আক্ৰান্ত হৈ কলিয়াবৰত এজন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াকে লৈ বৰ্তমানলৈকে কলিয়াবৰত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 5 জনলৈ বৃদ্ধি পালে ৷
মৃত্যু হোৱা ব্যক্তিজন কলিয়াবৰৰ জাৱনি গাঁৱৰ দেৱ বাহাদুৰ ছেত্ৰী(48) বুলি জানিব পৰা গৈছে ৷ কলিয়াবৰত যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে 27 গৰাকী ৷