টীয়ক, 27 নৱেম্বৰ :পুনৰআলফা (স্বা)ত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনিজন যুৱক । এইবাৰ আলফাত যোগদান কৰিবলৈ গৈ নগালেণ্ডত অসম ৰাইফল্ছৰ হাতত কৰায়ত্ব হ'ল টীয়কৰ তিনিজন যুৱক(assamese youths arrested in Nagaland while attempting to join ULFA-I) ৷
উল্লেখ্য যে নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলচে বিগত 20 নৱেম্বৰ আটক কৰিছিল এই তিনিওজন যুৱকক(Assam Rifles arrested three youths in Nagaland's Mon district) । কিন্তু শুকুৰবাৰে অসম ৰাইফলচে এই তিনিওজন যুৱকক অসম আৰক্ষীৰ হাতত চমজাই দিয়ে (handed over to assam police) ৷ গ্ৰেপ্তাৰ হোৱা তিনিজন যুৱক ক্ৰমে টীয়কৰ অৰিন্দম বৰা, তিনিচুকীয়াৰ সীমান্ত নেওঁগ আৰু ওদালগুৰিৰ বিকাশ ডেকা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে তিনিওজনকে সোধ-পোচ অব্যাহত ৰাখিছে ৷
জানিব পৰা মতে, ইতিপূৰ্বে টীয়কৰ অৰিন্দম বৰাই সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত প’ষ্ট দি আৰক্ষীৰ হাতত আটক হৈছিল আৰু আগলৈ তেনেধৰণৰ কোনো প’ষ্ট পুনৰ নিদিয়ে বুলি আৰক্ষীৰ আগত দিছিল প্ৰতিশ্ৰুতি ।