অসম

assam

By

Published : Aug 6, 2020, 2:12 AM IST

ETV Bharat / city

টীয়কত ৰাম মন্দিৰ ভূমি পূজনক লৈ ব্যাপক উৎসাহ

আজি সমগ্ৰ দেশতে দেখা গ’ল এক উৎসাহ,টীয়কো তাৰ ব্যতিক্ৰম নহয়,ৰাম মন্দিৰৰ ভূমিপূজনৰ উৎসাহতে আজি টীয়ক নগৰৰ মাজমজিয়াত অৱস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ,বিজেপিসদস্যসকল মিলি সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ লগতে মিঠাই বিতৰণ কৰে ।

টীয়কত ৰাম মন্দিৰ ভূমি পূজনক লৈ ব্যাপক উৎসাহ
টীয়কত ৰাম মন্দিৰ ভূমি পূজনক লৈ ব্যাপক উৎসাহ

টীয়ক, 5 আগষ্ট : ভাৰতবৰ্ষৰ ইতিহাসত এক বিশেষ সাঁচ বহুৱা এটা দিন ৫ আগষ্ট ৷ দীৰ্ঘদিনৰ এক বিতৰ্কৰ অৱসান ঘটাই আজি অযোধ্যাত সম্পূৰ্ণ বৈদিক প্ৰথাৰে ৰাম মন্দিৰৰ ভূমিপূজন সম্পন্ন হয় ৷ সেই লৈ আজি সমগ্ৰ দেশতে দেখা গ’ল এক উৎসাহ,টীয়কো তাৰ ব্যতিক্ৰম নহয়,ৰাম মন্দিৰৰ ভূমিপূজনৰ উৎসাহতে আজি টীয়ক নগৰৰ মাজমজিয়াত অৱস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ,বিজেপিসদস্যসকল মিলি সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ লগতে মিঠাই বিতৰণ কৰে । লগতে টীয়কৰ কলিয়াপানী যুৱ মৰ্চা আৰু টীয়ক পৌৰসভাৰ ২নং ৱাৰ্ডৰ বুথ বাহিনীৰ উদ্যোগত মিধাখাট তিনিআলিত,টীয়কৰ চেলেংহাট পথস্থিত মন্দিৰত ৰাইজ একত্ৰিত হৈ বন্তি প্ৰজ্বলন কৰি জয় শ্ৰী ৰাম ধ্বনি দিয়ে ৷

টীয়কত ৰাম মন্দিৰ ভূমি পূজনক লৈ ব্যাপক উৎসাহ

ABOUT THE AUTHOR

...view details