অসম

assam

ETV Bharat / city

শ্ৰীশ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিব বিশ্বমুখী বিশ্ববিদ্যালয় - ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতি

আধুনিকতাৰ সমান্তৰালকৈ নৈতিক আৰু সামাজিক মুল্যবোধেৰে সমাজখন নকৈ গঢ়ি তোলাৰ লক্ষ্যৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰই এখন বিশ্বমুখী বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলাইছে‌ ৷ ইতিহাসৰ গুৰুত্বপূৰ্ণ শিক্ষণীয় বিষয়সমূহ পুনৰুদ্ধাৰ আৰু ঐতিহ্যৰ এই ইতিহাসৰ অধ্যয়নৰ যোগেদি আধুনিক বিদ্যায়তনিক ভেটি প্ৰতিষ্ঠা কৰাৰ লক্ষ্যেৰে এই বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ লোৱা হৈছে বুলি মন্তব্য শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্ৱামীৰ ৷

sri-auniati-satra-has-undertaken-efforts-to-set-up-a-world-oriented-university-etv-bharat-assam
শ্ৰীশ্ৰী আউনীআটী সত্ৰই এখনি বিশ্বমুখী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰচেষ্টা হাতত লৈছে

By

Published : Aug 22, 2021, 3:48 PM IST

টীয়ক , 22 আগষ্ট :আধুনিকতাৰ লগতে নৈতিক আৰু সামাজিক মূল্যবোধেৰে সমাজখন নকৈ গঢ়ি তোলাৰ লক্ষ্যৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰই এখন বিশ্বমুখী বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলাইছে‌ ৷ ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতিৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে সত্ৰই স্থাপন কৰিবলৈ লৈছে আউনীআটী বিশ্ববিদ্যালয় ৷ ইতিমধ্যে প্ৰস্তাৱিত বিশ্ববিদ্যালয়খন স্থাপনৰ অনুমতি তথা প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে ।

দেশত বহু উচ্চ শিক্ষাৰ চৰকাৰী, বেচৰকাৰী ব্যৱস্থা থকাৰ পাচতো ইতিহাসৰ অনেক গুৰুত্বপূৰ্ণ শিক্ষণীয় বিষয়সমূহ পুনৰুদ্ধাৰ আৰু ঐতিহ্যৰ এই ইতিহাসৰ অধ্যয়নৰ যোগেদি লাভ কৰিব পৰা সুদৃঢ় ভেটিত আধুনিক বিদ্যায়তনিক ভেটি প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ লোৱা হৈছে বুলি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামীয়ে অৱগত কৰিছে ৷ মূলতঃ প্ৰাচীন ভাষা, স্থাপত্য, ভাস্কৰ্য, ভেষজ বিদ্যা, চিকিৎসা বিদ্যা, বিজ্ঞান, প্ৰযুক্তি, জ্যোতিষ আৰু জ্যোতি বিজ্ঞান, অলংকাৰ শাস্ত্ৰ আদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণা এই বিশ্ববিদ্যালয়ত সন্নিবিষ্ট কৰা হ'ব ৷

বিশ্বমুখী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰচেষ্টা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ

প্ৰতিষ্ঠা কৰিবলৈ লোৱা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ কাৰ্যালয় সত্ৰনগৰী মাজুলীত থকাৰ পৰিৱৰ্তে উপাচাৰ্য, পঞ্জীয়কৰ কাৰ্যালয় সমন্বিতে বিভিন্ন বিভাগৰ শ্ৰেণীকক্ষ, আলোচনা কক্ষ, পুথিভঁৰাল আদি টীয়কৰ কলীয়াপানীস্থিত শাখা সত্ৰত স্থাপন কৰা হ'ব ।

জানিব পৰা মতে, গুৱাহাটী, ডিব্ৰুগড় আৰু নিৰ্দিষ্ট কৰি ল'ব পৰা সুলভ স্থানত বিভিন্ন বিষয়ৰ বিভাগ প্ৰতিষ্ঠা কৰাৰো প্ৰাককলন প্ৰস্তুত কৰা হৈছে । ইতিমধ্যে অসম চৰকাৰৰ অনুমোদনত আশাব্যঞ্জক সঁহাৰি লাভ কৰা বুলি জানিবলৈ দি সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামীয়ে কয় যে, যদিও আউনীআটী সত্ৰৰ বেনাৰত এই বিশ্ববিদ্যালয় স্থাপন হ'ব, কিন্তু, এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা অতি প্ৰয়োজনীয় ৷

মূলতঃ আন্ত:গাঁঠনিৰ পৰা পূৰ্ণাংগ ৰূপ দিয়ালৈকে ৰাইজৰ সহযোগিতা আৰু আৰ্থিক অনুদান সত্ৰ কৰ্তৃপক্ষৰ বাবে মুখ্য সম্বল ৷ ইতিমধ্যে AUNIATI EDUCATION AND SOCIO CULTUREDEVOLPOMENT TRUST প্ৰস্তুত কৰি ৰাইজৰ সহযোগিতা কামনা কৰিছে সত্ৰ কৰ্তৃপক্ষই ৷

কোনো লোকে প্ৰস্তাৱিত বিশ্ববিদ্যালয়লৈ বৰঙণি আগবঢ়াব বিচাৰিলে ভাৰতীয় ষ্টেট বেংক, কমলাবাৰী শাখা, মাজুলী ঠিকনাৰ 38324881842 নম্বৰৰ একাউণ্টত জম কৰিব পাৰিব ৷ এইক্ষেত্ৰত অধিক জানিব বিচাৰিলে ৰাইজে 7002407442 নম্বৰত যোগাযোগ কৰিব পাৰিব।

লগতে পঢ়ক:জনা-নজনা : হেৰ’ইনক কাঁহৰ ঔষধ হিচাপে পৰামৰ্শ চিকিৎসকৰ

ABOUT THE AUTHOR

...view details