অসম

assam

By

Published : Aug 8, 2021, 6:11 PM IST

ETV Bharat / city

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পাল নামৰ প্ৰস্তুতি

অনিশ্চয়তাৰ মাজতো ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভাদ মাহৰ পাল নামৰ প্ৰস্তুতি তুংগত ৷ ইতিমধ্যে ভক্তসকলক আদৰিবলৈ সজাই পৰাই তুলিছে নামঘৰ চৌহদ ৷

Preparation for pal Naam At Teok dhekiakhuwa namghar
ঢেকীয়াখোৱা বৰনামঘৰত পাল নামৰ প্ৰস্তুতি তুংগত

টীয়ক, 8 আগষ্ট : ভাদ মাহত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ দেৱ আৰু শ্ৰী শ্ৰী মাধৱ দেৱৰ তিথি ৷ সেয়ে ভাদ মাহক প্ৰতিজন অসমীয়াই পবিত্ৰ মাহ হিচাপে গণ্য কৰে ৷ হৰি নামৰ ধ্বনিৰে গাঁৱে-ভূঞে থকা নামঘৰ সমূহ মুখৰিত হৈ পৰে । ব্যতিক্ৰম নহয় মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰো ।

বছৰৰ অন্যান্য মাহৰ তুলনাত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভাদ মাহত ভক্তৰ সমাগম বৃদ্ধি হয় । কিন্তু বিগত দুটাকৈ বছৰে কাল কৰণাই ম্লান কৰি পেলাইছে প্ৰতিবছৰে অনুষ্ঠিত হোৱা মহাপালন নাম ৷ বৰ্তমান ক'ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে নামঘৰ, মঠ-মন্দিৰ সমূহত ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰিছে চৰকাৰে ৷ যদিও যোৱাটো বছৰটো ক'ভিড-19ৰ নিৰ্দেশনা(SOP) মানি ভকতৃ-বৈষ্ণৱসকলে অনুষ্টুপীয়াকৈ পালন কৰিছিল মহাপাল নাম ৷

লগতে পঢ়ক - নগাঁও মহাবিদ্যালয়ৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

এইবেলিও বৰনামঘৰত উদযাপন কৰিবলৈ লৈছে পালনাম ৷ ভাদ মাহলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত এই নিষেধাজ্ঞা বাতিল হ'বনে নাই সেই লৈ অনিশ্চয়তাত পৰিছে মন্দিৰ পৰিচালনা সমিতি । কিন্তু ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত মুকলি কৰাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ঢেকীয়াখোৱা বৰনামঘৰত পাল নামৰ প্ৰস্তুতি তুংগত

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে বৰনামঘৰ পৰিচালনা সমিতিও আশাবাদী ৷ ভাদ মাহত মঠ-মন্দিৰৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল কৰিব চৰকাৰে । সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তক আদৰিবলৈ পৰিচালনা সমিতিয়ে সজাই পৰাই তুলিছে ঐতিহাসিক বৰনামঘৰৰ চৌহদ আৰু প্ৰস্তুতি চলাইছে চাৰি প্ৰসংগীয় পাল নামৰ ।

নামঘৰৰ চৌহদৰ উপৰি নামঘৰৰ প্ৰৱেশ পথত থকা পকী দলং আদিত চূণ-তেল লগাই আটক ধুনীয়াকৈ সজাই তোলাৰ বাবে নিতৌ ব্যস্ত হৈ পৰিছে ভকত-বৈষ্ণৱসকল । আনহাতে, ক'ভিড প্ৰটকল ৰক্ষা কৰি প্ৰশাসনৰ সহযোগত যাতে নিয়াৰিকৈ উদযাপন কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা হাতত লৈছে পৰিচালনা সমিতিয়ে ৷ তাৰোপৰি নামঘৰত প্ৰৱেশ কৰাত কোনো ধৰণৰ অসুবিধা নহয়, তাৰ বাবে স্বেচ্ছাসেৱক বাহিনী নিয়োগ কৰা হ'ব বুলি সদৰি কৰিছে নামঘৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক - জনা-নজনা : বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ

ABOUT THE AUTHOR

...view details