যোৰহাট ,16 নৱেম্বৰ :সোমবাৰে অনুষ্ঠিত হ'ল অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ ২০২১- ২২ বৰ্ষত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকল অৰিয়েন্টেশ্যন অনুষ্ঠান । এই অনুষ্ঠানত নৱাগত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ৷ বিশ্ববিদ্যালয়ৰ ড৹ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ৷
নিজ ভাষণত উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই কয়, ‘ভৱিষ্যত জীৱনৰ বাবে ব্যুৎপত্তি অৰ্জন কৰিবলৈ নতুন ধৰণৰ চিন্তা চৰ্চা আৰু নিজৰ উৰ্বৰ চিন্তাধাৰাক সঠিক ৰূপত আগবঢ়াই নি শিক্ষাৰ্থীসকলে নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰিব লাগিব । প্ৰতিক্ষণতে নতুন নতুন ধাৰণা সমুহৰ সৈতে নিজকে আগুৱাই নিয়াৰ বাবে নিজস্ব আদৰ্শগত ধাৰণাকো গঢ় দিব লাগিব । সংগ্ৰামবিহীন জীৱন উপভোগ্য নহয় । সংগ্ৰাম অবিহনে জীৱনেই অসম্পূৰ্ণ । সেয়ে সংগ্ৰামৰ সৈতে মোকাবিলা কৰি জীৱন উপভোগ কৰি আগুৱাব লাগে । কাৰণ প্ৰত্যেক সমস্যাৰে সমাধান আছে ৷’
সমান্তৰালভাৱে, আচৰণগতভাৱেও সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগে । ব্যৱহাৰিক দিশেৰে নিজকে প্ৰস্তুত কৰি নিজকে সুখী অনুভৱ কৰি সামগ্ৰিকভাৱে অৰ্থপূৰ্ণ জীৱনৰ অধিকাৰী হ'বলৈ যত্ন কৰিব লাগিব । অৰ্থপূৰ্ণ জীৱন মানে কিন্তু ধনী হোৱা বা উচ্চ শিক্ষিত হোৱা বা পাৰফেক্ট হোৱাটো নুবুজায় । নিজৰ দৃঢ়তা , সততা আদি গুণেৰে সৈতে আনৰ বাবেও উৎসৰ্গিত মনোভাৱেৰে আনৰ বাবেও কিবা এটা কৰাৰ মানসিকতাৰে সুখী হ’ব লাগিব বুলিও কয় উপাচাৰ্য গৰাকীয়ে ৷