অসম

assam

ETV Bharat / city

টীয়কত পুনৰ ক'ভিড-১৯ত আক্ৰান্ত চিকিৎসক - স্বাস্থ্য বিভাগ

চিকিৎসকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্বাস্থ্য কৰ্মী সকলৰ মাজত ৷ অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে কৰ্মচাৰী সকলে ৷

One Doctor COOVID-19 Positive At Teok Govt Hospital
টীয়কত পুনৰ ক'ভিড-১৯ত আক্ৰান্ত চিকিৎসক

By

Published : Jul 20, 2020, 5:21 PM IST

টীয়ক, 20 জুলাইঃ যোৰহাট জিলাৰ টীয়কৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰে ৷ উক্ত ঘটনাটো পোহৰলৈ অহাৰ পিছতেই কৰ'ণাতাংকৰ সৃষ্টি হৈছে স্বাস্থ্য কৰ্মী সকলৰ ৷

টীয়কত পুনৰ ক'ভিড-১৯ত আক্ৰান্ত চিকিৎসক

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ টীয়কতো বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে যোৰহাটৰ টীয়কৰ চৰকাৰী চিকিৎসালয় টীয়ক এফ আৰ ইউত কৰ্তব্যৰত এজন চিকিৎসকৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰে ৷ উক্ত চিকিৎসক জনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতো চিকিৎসালয়খনৰ আন চিকিৎসক,নাৰ্চ কৰ্মচাৰী সকলৰ স্বাৱ পৰীক্ষা নকৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে,শনিবাৰে চিকিৎসালয় খনৰ চিকিৎসক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পিছত চিকিৎসালয় খনত আজিও অব্যাহত আছে চিকিৎসা সেৱা । কোনো ধৰণৰ নিৰ্দেশনা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষই । ফলত এক অনিশ্চয়তাৰ মাজত চিকিৎসালয়খনৰ চিকিৎসক,নাৰ্চে কাম-কাজ সম্পাদন কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক- কৰ’ণাত আক্ৰান্ত দিছপুৰৰ বিধায়ক অতুল বৰা

ABOUT THE AUTHOR

...view details