মৰিয়নী, 26 মেঃ বহিঃ ৰাজ্যৰ পৰা ওভতি অহা দুখন শ্ৰমিক ৰে'ল আৰু এখন বিশেষ ৰাজধানী ৰে'ল মৰিয়নীত উপস্থিত হয় ৷ উক্ত ৰে'ল কেইখন উপস্থিত হোৱাৰ লগে লগে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নী জংচনত উপস্থিত হয় ৷
শ্ৰমিকৰ মাজত উপস্থিত বিধায়ক ৰূপজ্যোতি - শ্ৰমিক ৰে'ল
মঙলবাৰে বহিঃৰাজ্যৰ পৰা তিনিখনকৈ ৰে'ল মৰিয়নী জংচনত উপস্থিত হয় ৷ উক্ত ৰে'ল কেইখন উপস্থিত হোৱাৰ লগে লগে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নী জংচনত উপস্থিত হয় ৷
মৰিয়নীত মঙলবাৰে দুখন শ্ৰমিক ৰে'ল আৰু এখন বিশেষ ৰাজধানী ৰে'লত 388 জন যাত্ৰী উপস্থিত হয় । লক ডাউনৰ ফলত বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকসকল বিশেষ ৰে'ল তথা শ্ৰমিক ৰে'ল যোগে ৰাজ্যলৈ ওভতি অহা ব্যৱস্থা অব্যাহত ৰাখিছে চৰকাৰে। আজি বহিঃৰাজ্যৰ পৰা অহা তিনিখনকৈ ৰে'ল মৰিয়নী জংচনত উপস্থিত হয় । পুৱা 6 বজাৰ পৰা বিয়লি 3 বজালৈকে মৰিয়নী ৰে'লৱে জংচনত হিঃৰাজ্যৰ পৰা তিনিখন ৰেল উপস্থিত হয়। মৰিয়নীত উপস্থিত হোৱাৰ লগে লগে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নী জংচনত উপস্থিত হয় ৷ বহিঃৰাজ্যৰ পৰা ওভতি অহা শ্ৰমিক সকলৰ লগতে অন্য লোক সকলক সহায় সহযোগ আগবঢ়াইছে বিধায়ক জনে ৷ উক্ত জংচনত সৰ্বমুঠ 388 যাত্ৰী নামে । ইয়াৰে দিল্লী ডিব্ৰুগড় বিশেষ ৰাজধানী ৰে'লখনৰ পৰা 29 জন যাত্ৰী নামে ইয়াৰে যোৰহাটৰ 17 জন , গোলাঘাটৰ 7 জন আৰু শিৱসাগৰৰ 5 জন যাত্ৰী আছিল। তাৰ কিছুসময়ৰ পাছতেই চেন্নাই তিনিচুকীয়া শ্ৰমিক ৰে'লৰ পৰা মৰিয়নী জংচনত 317 জন যাত্ৰী নামে। ইয়াৰে যোৰহাটৰ31 জন, শিৱসাগৰ 18 আৰু চৰাইদেউৰ 29 জন যাত্ৰী আছিল। প্ৰায় 2.30 মান বজাত পুনে তিনিচুকীয়া শ্ৰমিক ৰে'লৰ জৰিয়তে মৰিয়নী জংচনত 42 জন যাত্ৰী উপস্থিত হয়। ইয়াৰে যোৰহাটৰ 15 জন , গোলাঘাটৰ 4 জন আৰু চৰাইদেও জিলাৰ 2 জন যাত্ৰী আছিল। যাত্ৰী সকলৰ লগতে জংচনত নিয়োজিত বিভিন্ন বিভাগৰ লোক সকলৰ মনোবল বৃদ্ধি কৰিবৰ বাবে বিধায়ক গৰাকী উপস্থিত হয় ৷ যোৰহাট লোক সভাৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ তথা যোৰহাট লোক সভাৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক কুৰ্মীয়ে ।আনহাতে যাত্ৰী সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰবাৰ ৰাজ্য চৰকাৰলৈ বিধায়ক কুৰ্মীয়ে অনুৰোধ জনায় কয় যে ডিমাপুৰৰ যাত্ৰীৰ বাবে ডিমাপুৰ ষ্টেচন , কাৰ্বিআলংৰ যাত্ৰীৰ বাবে ডিফু ষ্টেচন, গোলাঘাটৰ যাত্ৰীৰ বাবে ফৰকাটিং ষ্টেচন আৰু শিৱসাগৰ/চৰাইদেওৰ যাত্ৰীৰ বাবে শিমলুগুৰি ষ্টেচন ৰে'ল ৰখাৰ ব্যৱস্থা কৰি যাত্ৰী সকলক সুবিধা কৰি দিব লাগে।
লগতে পঢ়ক- আগন্তুক 7 দিন প্ৰত্যাহ্বানৰ দিন হ'বঃ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা