অসম

assam

ETV Bharat / city

কাকজানত 'বৰদেউতাৰ আশীৰ্বাদ' শীৰ্ষক অনুষ্ঠান - পবিত্ৰ ৰমজান

টীয়কত দিনযোৰা কাৰ্যসূচীৰে যুৱচামৰ ব্যতিক্ৰমী বিহু উদযাপন ৷ দুই শতাধিক সত্তৰোৰ্ধৰ পুৰুষ-মহিলাক নিমন্ত্ৰণ কৰি "বৰদেউতাৰ আশীৰ্বাদ" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে ৷ জ্যেষ্ঠজনক একোখনকৈ বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লোৱাৰ এক অনন্য নিদৰ্শন দাঙি ধৰে কাকজানৰ যুৱচামে ৷

কাকজানত 'বৰদেউতাৰ আশীৰ্বাদ' শীষক অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপন
কাকজানত 'বৰদেউতাৰ আশীৰ্বাদ' শীষক অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপন

By

Published : Apr 17, 2021, 8:30 PM IST

টীয়ক,17 এপ্ৰিল: দেশৰ ক’ভিড-19 ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াই চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰি উদযাপন কৰিবলগীয়া হৈছে হেঁপাহৰ ৰঙালী বিহু । টীয়কৰ কাকজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়েও প্ৰশাসনৰ নীতি-নিয়ম মানি কাকজান খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰে ৰঙালী বিহু ।

বিহুৰ বাকৰিতে অঞ্চলটোৰ যুৱচামে দেখুৱাইছে এক আদৰ্শ । অন্যান্য কাৰ্যসূচীৰ সমান্তৰালকৈ আয়োজন কৰে "বৰদেউতাৰ আশীৰ্বাদ" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান । অঞ্চলটোৰ প্ৰায় দুই শতাধিক সত্তৰোৰ্ধৰ ব্যক্তিক নিমন্ত্ৰণ কৰি পৰম্পৰা ৰক্ষা কৰি সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে জ্যেষ্ঠজনক একোখনকৈ বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লোৱাৰ লগতে জলপানৰ আয়োজন কৰে ৷

কাকজানত 'বৰদেউতাৰ আশীৰ্বাদ' শীষক অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপন

উক্ত কাৰ্যসূচীৰ সমান্তৰালকৈ পুৰণি সময়ৰ বিহু আৰু বৰ্তমান বিহুৰ মাজৰ সাদৃশ্য ও পাৰ্থক্যৰ ওপৰত বিভিন্নজনে মন্তব্য আগবঢ়োৱাৰ লগতে অতীতক স্মৰণ কৰি কেইবাগৰাকীও জ্যেষ্ঠলোকে বিহুগীত পৰিৱেশন কৰে ৷ জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰি বিহুত আশীৰ্বাদ লোৱা অসমীয়া সমাজৰ যি আদৰ্শ, তাক উত্তৰ পুৰুষক চিনাকী কৰাৰ উদ্দেশ্যেৰে কাকজান বিহু সন্মিলনে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।

উল্লেখযোগ্য যে, শতায়ু গৰকা এই অনুষ্ঠানত কেইবাগৰাকীও মুছলমান সম্প্ৰদায়ৰ ব্যক্তি উপস্থিত থাকি বৰ অসমৰ সমন্বয়ৰ এক সুন্দৰ ছবি দাঙি ধৰে ৷

লগতে পঢ়ক :লকডাউনৰ মাজতো লেপেটকটা বিচিপিএল উপাৰ্জন ২৮১৯ কোটি

ABOUT THE AUTHOR

...view details