যোৰহাট, 3 ডিব্ৰুগড় :ৰাজ্য কঁপোৱা অনিমেষ ভূঞা হত্যা (Animesh Bhuyan murder case) ঘটনাৰ ইতিমধ্যে ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে । এই ১৩ জনৰ বাহিৰেও আন আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ দুৰ্ঘটনাত মৃত্যু হৈছে (Kola lora death)৷ এই ঘটনা সমগ্ৰ সন্দৰ্ভত তদন্তৰ বাবে যোৰহাট আৰক্ষীয়ে এটা বিশেষ অনুসন্ধান দল গঠন কৰি দিছে । যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এখন সংবাদ মেলযোগে জানিবলৈ দিয়ে এই কথা ৷
এই বিশেষ দলটোৱে সমগ্ৰ ঘটনাৰ লগত জড়িত তথ্য আৰু সাক্ষ্য সংগ্ৰহ কৰিব । আনহাতে এই বিশেষ অনুসন্ধান দলটোৰ সৈতে আন চাৰিটা বিশেষ দল গঠন কৰি দিয়া হৈছে (Jorhat police special team)। সমগ্ৰ ঘটনাৰ লগত জড়িত এই ১৩ জনৰ বাহিৰেও আন আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে । সেয়েহে আৰক্ষীৰ সহায় হোৱাকৈ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ।
যোৱা 29 নৱেম্বৰত, যোৰহাট চহৰৰ মাজমজিয়াত এদল উন্মাদ লোকৰ নিৰ্বিচাৰ আক্ৰমণত অনিমেষ ভূঞা নামৰ এজন আছু নেতাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল আন দুজন (Mob lynching in Jorhat) ৷ কোনো ব্যক্তিৰ লগত যদি উক্ত ঘটনাৰ যিকোনো ধৰণৰ সাক্ষ্য-প্ৰমাণ মজুত আছে সেইসকল ব্যক্তিক আৰক্ষীয়ে প্ৰদান কৰা ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে ।