অসম

assam

ETV Bharat / city

বজাৰত বৃদ্ধি পালে ছাগলীৰ মূল্য

১২ আগষ্টত ৰাজ্যজুৰি পালন কৰা হ'ব ঈদ ৷ এই ঈদৰ বাবেই বজাৰত বৃদ্ধি পাইছে ছাগলীৰ মূল্য ৷

By

Published : Aug 10, 2019, 2:35 PM IST

বজাৰত বৃদ্ধি পালে ছাগলীৰ মূল্য

গুৱাহাটী,10আগষ্ট : পবিত্ৰ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ দুটা দিন ৷ এই ঈদ-উজ-জোহাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৃদ্ধি পাইছে উৎসাহ আৰু উদ্দীপনা ৷ ঈদ-উজ-জোহা উপলক্ষে ভৰলুমুখস্থিত দৈনিক বজাৰত ভিৰ কৰিছেহি অগণন ক্ৰেতাই ৷ এই ঈদ-উজ-জোহাৰ গইনা লৈ কিছু সংখ্যক অসাধু ব্যৱসায়ীয়ে আকৌ বৃদ্ধি কৰিছে ছাগলীৰ মূল্য ৷ বহি:ৰাজ্যৰ পৰা অনা ছাগলী গুৱাহাটীৰ বজাৰত বিক্ৰী হয় ৪৫ হাজাৰ টকাত ৷ ইফালে মৰিগাঁও জিলাতো বৃদ্ধি পায় ছাগলীৰ মূল্য ৷ ৬৫ হাজাৰ টকালৈ বৃদ্ধি পায় ছাগলীৰ মূল্য ৷ ছাগলীৰ এই আকাশলংঘী মূল্যই এতিয়া চিন্তিত কৰি তুলিছে সাধৰণ জনতাক ৷

বজাৰত বৃদ্ধি পালে ছাগলীৰ মূল্য

ABOUT THE AUTHOR

...view details