মৰিয়নী,30 মে' : মৰিয়নীত সাংবাদিকক সহায়ৰ হাত বিজেপি দলীয় সতীৰ্থৰ ৷ মহাসংকটৰ সময়তো সন্মুখসমৰত থাকি যুজঁ দিয়া সাংবাদিক সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বিজেপিৰ মৰিয়নী কৰ্মকৰ্তা সকলে ।
যোৰহাট জিলাৰ মৰিয়নীত সাংবাদিকসকলক সহায়ৰ হাত আগবঢ়াইছে বিজেপিৰ চেলেং মণ্ডল আৰু মৰিয়নী মণ্ডলৰ সদস্যসকলে । মহামাৰী কৰ'ণা ভাইৰাছে সৃষ্টি কৰা মহাসংকটৰ সময়তো সাংবাদিক সকলে যি সেৱা আগবঢ়াইছে তাক লৈ বিজেপি দলৰ সদস্য সকলে সহায়ৰ হাত আগঢ়ায় ৷ ইতিমধ্যে, লকডাউনৰ এই সময়ছোৱাত অন্য লোকৰ দৰেই সাংবাদিক সকলো যথেষ্ট অৰ্থ সংকট তথা খাদ্য সংকটত ভুগিছে । উক্ত বিষয়টোৰ প্ৰতি লক্ষ্য কৰি শনিবাৰে বিজেপিৰ এই দুয়োটা মণ্ডলৰ সদস্য সকলে চাউল, দাইল, আলু পিয়াঁজকে আদি কৰি অন্যান্য লাগতিয়াল সামগ্ৰীৰ যোগান ধৰে সাংবাদিক সকলক ।