যোৰহাট, 31 ডিচেম্বৰ :আকৌ গৰজি উঠিল অসম আৰক্ষীৰ মাৰণাস্ত্ৰ । অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী । অপৰাধ দমনৰ বাবে যিকোনো পন্থাই অৱলম্বন কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে । কোনো কাৰণতে যেন অপৰাধীক সাৰি যাবলৈ নিদিয়ে তাৰেই পন্থা হাতত লৈছে অসম আৰক্ষীয়ে ৷
এইবাৰ যোৰহাটত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া(Drugs Mafia injured by police encounter) কলা সম্ৰাট পচা ওৰফে ৰমেশ বাছফ ৷ বৃহস্পতিবাৰে ধুবুৰীত অভিযান চলাই যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ড্ৰাগছ মাফিয়া পচাক ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগতে জুৱাৰ সৈতে জড়িত হৈ আছিল পচা ওৰফে ৰমেশ ৷ বৃহস্পতিবাৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ল’জত আত্মগোপন কৰি থকাৰ অৱস্থাতে যোৰহাট আৰক্ষীয়ে আটক কৰিছিল পচা ওৰফে ৰমেশক ৷ ধুবুৰীৰ পৰা যোৰহাট লৈ আনি থকা অৱস্থাত যোৰহাটৰ পানিচকুৱাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় মাফিয়া পচাই ৷ যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় (Encounter in Jorhat) ৷ সোঁ ভৰিৰ আঁঠুৰ তলত আঘাতপ্ৰাপ্ত পচাক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷