যোৰহাট,4 মে':যোৰহাট জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ক’ভিড-19 ত আক্ৰান্ত হৈছে দুগৰাকীকৈ বেংক কৰ্মচাৰী ৷ নিতৌ জিলাখনৰ ন ন অঞ্চলত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ পূৱ যোৰহাটৰ কেন্দুগুৰী অঞ্চলত বিগত দুটা দিনত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷
যোৰহাটত সাময়িকভাৱে বন্ধ ইউনিয়ন বেংক - union bank of jorhat
যোৰহাটত দৈনিক বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ চহৰখনৰ ইউনিয়ন বেংকৰ দুগৰাকীকৈ কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে সাময়িকভাৱে বন্ধ কৰা হৈছে বেংকটো ৷
যোৰহাটত বেংকৰ কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত
মঙলবাৰে চহৰখনত অৱস্থিত ইউনিয়ন বেংকৰ দুগৰাকী মহিলা কৰ্মচাৰীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাৰ ফলত বেংকৰ সকলো কাম-কাজ সাময়িকভাৱে বন্ধ কৰি দিছে বেংক কৰ্তৃপক্ষই ৷ ইতিমধ্যে যোৰহাট জিলাখনত ৬১৩ গৰাকীকৈ ব্যক্তি কৰ‘ণাত আক্ৰান্ত হৈছে ৷ জিলাখনত বৰ্তমানলৈকে মৃত্যু হৈছে 82 গৰাকীকৈ কৰ’ণাত আক্ৰান্ত লোকৰ ৷
লগতে পঢ়ক :কোভিড-19: দিল্লীত বিগত 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টীকাকৰণ