অসম

assam

ETV Bharat / city

স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে কোভিড সুৰক্ষা এপ

যোৰহাটৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা ৷ স্বাস্থ্য় মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ সৈতে উক্ত স্থানত উপস্থিত হৈ প্ৰথমটো কোভিড সুৰক্ষা এপ মুকলি কৰে ৷

By

Published : Jun 6, 2020, 5:13 PM IST

স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে কোভিড সুৰক্ষা এপ
স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে কোভিড সুৰক্ষা এপ

যোৰহাট, 6 জুন : শনিবাৰে যোৰহাটত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । জিলাখনৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰে ৰাজ্যৰ প্ৰথমটো কোভিড সুৰক্ষা এপ ৷ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আহি পোনে-পোনে চ্য়ুকাফা সমন্বয় ক্ষেত্ৰস্থিত আঞ্চলিক স্ক্ৰীনিং কেন্দ্ৰত উপস্থিত হৈ এপটো মুকলি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে কোভিড সুৰক্ষা এপ

এই এপটোৰ দ্বাৰা জিলাখনৰ হোম কোৱাৰেন্টাইনত থকা লোকসকলক নিৰীক্ষণ কৰিব পৰা যাব ৷ উল্লেখযোগ্য যে হোম কোৱাইন্টানত থকা লোকসকলক 150 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এই এপৰ দ্বাৰা নিৰীক্ষণ কৰিব পাৰিব ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট জিলা প্ৰশাসনে লোৱা এই পদক্ষেপক ধন্যবাদ জনায় ।

যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰঞ্জী কৰাটীয়ে জনায় যে,এই বিশেষ কোভিড সুৰক্ষা এপটো এনআইচিয়ে প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ আগতে স্বাস্থ্য কৰ্মীসকলক নিৰীক্ষণ কৰাৰ সুবিধা আছিল কিন্তু আজিৰে পৰা যোৰহাট জিলাখনত হোম কোৱাৰেন্টাইনত থকা লোকসকলক নিৰীক্ষণ কৰিব পাৰিব । আনহাতে কাকডোঙাৰ বৰ্ষা ৰিজৰ্টৰ পৰা আঞ্চলিক স্কীনিং কেন্দ্ৰটো চুকাফা সমন্বয় ক্ষেত্ৰলৈ স্থানান্তৰ কৰা হয় ৷

লগতে পঢ়কঃঢেকীয়াখোৱা বৰনাঘৰত আশীষ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details