অসম

assam

ETV Bharat / city

তিতাবৰীয়া ৰাইজে আয়োজন কৰিলে প্ৰয়াত তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

তিতাবৰত ৰাইজে আয়োজন কৰিলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ৰতনপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ ৷

as-jrt-7dec-ardhyasardha-ceremony-by-villegers-vis-as10039
তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

By

Published : Dec 7, 2020, 2:16 PM IST

যোৰহাট, 7 ডিচেম্বৰঃযোৰহাটজিলাৰতিতাবৰত আজি ৰাইজে আয়োজন কৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। গৃহ জিলা যোৰহাটৰ তিতাবৰ সমষ্টিৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ আছিল এক আত্মিক সম্পৰ্ক। তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তিতাবৰৰ পৰাই আৰম্ভ কৰিছিল ৰাজনৈতিক জীৱন।

তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

আজি তিতাবৰৰ ৰাইজে ৰাজহুৱাকৈ উদযাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ। তিতাবৰৰ ৰতনপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত অনিবাৰ্ন যুৱ সংঘ আৰু মহিয়সী মহিলা সমিতিৰ উদ্যোগ তথা ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে এই আদ্যশ্ৰাদ্ধৰ। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানত ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ, গায়ন বায়ন আৰু স্মৃতিচাৰণ সভা এখনো অনুষ্ঠিত কৰে ৷

ৰাজহুৱাকৈ আয়োজন কৰা এই আদ্যশ্ৰাদ্ধত বিভিন্ন জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৰাইজে ৷

লগতে পঢ়ক-ধনশিৰিত ভোটাধিকাৰৰ বাবে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ABOUT THE AUTHOR

...view details