অসম

assam

ETV Bharat / city

অসমৰ ভূমিত অব্যাহত নগাৰ অবাধ আগ্ৰাসন - অসমৰ ভূমিত অব্যাহত নগাৰ অবাধ আগ্ৰাসন

জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা । অসমৰ সংৰক্ষিত বনাঞ্চলত এটাৰ পাছত আনটো পাহাৰত নগাৰ গাঁও স্থাপন । অসমৰ ভূমিত জেচিবি লগাই নগাই নিৰ্মাণ কৰিলে পথ । নিৰ্লিপ্ত ভূমিকাত অসমৰ বনবিভাগ আৰু প্ৰশাসন ৷

অসমৰ ভূমিত অব্যাহত আছে নগাৰ অবাধ আগ্ৰাসন
অসমৰ ভূমিত অব্যাহত আছে নগাৰ অবাধ আগ্ৰাসন

By

Published : Sep 9, 2020, 3:52 PM IST

মৰিয়নী, 9 ছেপ্তেম্বৰ:অসমৰ ভূমিত অব্যাহত আছে নগাৰ অবাধ বেদখল । অসমৰ বনবিভাগ আৰু প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি নগাই অসমৰ ভূমিত নতুনকৈ গাঁও স্থাপন কৰাৰ উপৰিও শেহতীয়াকৈ জেচিবি লগাই অসমৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নিজ গাঁৱলৈ বহল কৰিলে এটা পথ ।

নগাৰ পথ নিৰ্মাণ, স্থানীয় লোকৰ স্বীকাৰোক্তি

অসম-নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীত অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই অব্যাহত ৰাখিছে অবাধ আগ্ৰাসন । বন বিভাগৰ নিৰ্লিপ্ততৰা পূৰ্ণ সুযোগ গ্ৰহণ কৰিয়ে মৰিয়নী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই পকী দলং নিৰ্মাণ কৰাৰ উপৰিও নতুনকৈ স্থাপন কৰিছে নগা গাঁও ।

অসমৰ ভূমিত নগাৰ আগ্ৰাসন

দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই অবৈধ ভাৱে পূৰ্বতে স্থাপন কৰা আকাহুটো নামৰ নগা বস্তিখনলৈ যোৱাৰ পথটো বিগত সময়চোৱাত অসমৰ মাটি কাটি আহল-বহল কৰিছিল । যদিও সেই সময়ত অসমৰ বন বিভাগ আৰু মৰিয়নী আৰক্ষীৰ তৎপৰতা নগা গাঁৱলৈ যোৱা লুংলুঙীয়া পথটো নগাই বহল কৰিব পৰা নাছিল । কিন্তু শেহতীয়াকৈ আকাহুটো নামৰ অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত থকা নগা গাঁওখনৰ লোকসকলে বন বিভাগ আৰু অসম আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি জেচিবি লগাই উক্ত গাঁওখনলৈ যোৱা অসমৰ ভূমিত থকা পথটো যথেষ্ট আহল বহলকৈ নিৰ্মাণ কৰি লয় ।

নগাৰ পথ নিৰ্মাণ

উল্লেখ্য যে, উক্ত স্থানৰ পৰা প্ৰায় 1 কি.মি দুৰত্বত অৱস্থিত সীমান্ত অসম আৰক্ষীৰ চাউনিৰ অসম আৰক্ষীয়েও নগাৰ এই কাৰ্যক বাধা দিব নোৱাৰিলে । আনফালে এই গাঁওখনৰ সমীপৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলতো এখন নতুনকৈ গাঁও স্থাপন কৰে নগাই । ইয়াৰ পাছতো কাণষাৰ নাই বন বিভাগ তথা প্ৰশাসনৰ ।

লগতে চাওক-ধুবুৰী জিলা কাৰাগাৰৰ পৰা পলায়ন কাৰাবন্দীৰ

ABOUT THE AUTHOR

...view details